• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক জীৱন শিল্পী আদ্য শৰ্মা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 7:57 am
Artiste Dulal Roy receiving 'Jivan Silpi' award in Nalbari on
305
VIEWS
Share on FacebookShare on Twitter

২০১৮ বৰ্ষৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক। গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নলবাৰী আৰ্ট স্কুলৰ বাকৰিত আয়োজিত আদ্য শৰ্মাৰ স্মৃতি দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে নলবাৰী আৰ্ট স্কুলৰ বিষয়ববীয়াসকলে।

বঁটা গ্ৰহণ কৰি যথেষ্ট আত্মসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় নাট্য শিল্পী দুলাল ৰয়ক। ভাষণ প্ৰসংগত তেওঁ কয় যে বৰ্তমান আমাৰ সমাজখনক অপসংস্কৃতিয়ে গ্ৰাস কৰিবলৈ অহৰহ প্ৰচেষ্টা চলায় থকা পৰিলক্ষিত হৈছে। তেওঁ লগতে নতুন প্ৰজন্মৰ একাংশই অসমৰ চহকী কলা-সংস্কৃতি বিকৃত কৰিবলৈ উঠি-পৰি লাগিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি সত্ৰ নগৰী মাজুলীত সত্ৰাধিকাৰসকলৰ উপস্থিতিতে মাতৃভাষাত অংকীয়া ভাওনা প্ৰচলনৰ দৰে কাৰ্যক অপসংস্কৃতিৰ অংগ বুলি কৈ নাট্য শিল্পীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰসংগতো সৰৱ হোৱা পৰিলক্ষিত হয়। তেওঁ ভ্ৰাম্যমাণত ছিণ্ডিকেট তথা অশ্লীলতাৰ প্ৰসংগ টানি আনি ভ্ৰাম্যমাণ থিয়েটাৰৰ ঐতিহ্য নষ্ট নকৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে ২০১৬ চনৰ পৰাই নলবাৰী আৰ্ট স্কুলে প্ৰদান কৰি অহা জীৱন শিল্পী আদ্য শৰ্মাৰ বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা, প্ৰশস্তি-পত্ৰ, স্মাৰক, শৰাই, ফুলাম জাপি আৰু চেলেং চাদৰ।

বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট নাট্য শিল্পী তথা দুলাল ৰয়ৰ সহধৰ্মিণী শান্তি ছায়া ৰয়, বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰমণী বৰ্মন, সাহিত্যিক হেমন্ত কুমাৰ দত্ত, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিভূ দত্ত উপস্থিত আছিল।

নলবাৰী আৰ্ট স্কুলৰ সভাপতি পবিন শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানটোৰ আঁত ধৰে স্কুলখনৰে সম্পাদক শৈলেন শৰ্মাই। আৰ্ট স্কুলখনে আয়োজন কৰা বিভিন্ন অনুষ্ঠানৰ মাজেৰে কালি এই বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

আনহাতে গুৰুজী আদ্য শৰ্মাৰ তৃতীয় সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা ছাত্ৰ সন্থায়ো ৰং ভাৱনা নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd