সত্ৰনগৰী বৰপেটাত অজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। দৌল উৎসৱ উপলক্ষে আটকধুনীয়া আলোকসজ্জাৰে সজাই-পৰাই তোলা হৈছে বৰপেটা সত্ৰ।
আজি গন্ধ যাত্ৰা উপলক্ষে বিয়লি দৌল গোবিন্দ মহাপ্ৰভুক কীৰ্তনঘৰৰ ভাঁজঘৰৰ পৰা গায়ন-বায়ন, ঢুলীয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালৰ এখন বৰ শৰাইত ৰখা হয়। আনফালে কলীয়া ঠাকুৰ গোঁসাইক ঘাই দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰখা হয়। ইয়াৰ পিচতে সত্ৰীয়া নীতি-নিয়ম অনুসৰি, অধিবাস সম্পন্ন কৰা হয়। এই সময়ছোৱাত গায়ন-বায়নসকলে পৰিৱেশন কৰে চাৰিটাকৈ বৰগীত।
ইপিনে উক্ত অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি এটা বৃহৎ মেজি সাজি অগণন লোকৰ হৰিধ্বনিৰ মাজেৰে গোঁসাইদ্বয়ক প্ৰজ্বলিত মেজিৰ চাৰিওপিনে সাতপাক ঘূৰোৱা হয়।ইয়াৰ পিচত গোঁসাদ্বয়ক যোগমোহন গৃহত শৰাইৰ ওপৰত ৰখা হয়। ইয়াৰ পিচতে নিশা গোঁসাইদ্বয়ক সাতোতা চিৰিৰে সাতপাক ঘূৰাই দৌলৰ ভিতৰত সু-সজ্জিত দোলাসনত আৰোহন কৰা হয়।
উল্লেখ্য যে আজিৰে পৰা গোঁসাইদ্বয় দৌলত থাকিব যদিও ২ মাৰ্চৰ দিনা ৰাতি দহ বজাৰ পিচত উত্তৰ ফাল্গুনি নক্ষত্ৰ মিলাৰ বাবে গোঁসাইক দৌল গৃহৰ পৰ নমাই যোগমোহন গৃহত ৰখা হ’ব।
আনহাতে কাইলৈৰপৰা ৩ মাৰ্চলৈকে পালন কৰা হ’ব ভৰদৌল। ৪ মাৰ্চত অনুষ্ঠিত হ’ব ফাকুৱা বা সুঁৱেৰী উৎসৱ। বৰপেটাৰ দৌল উৎসৱৰ এক অনন্য অংগ হৈছে হোলীগীত।
প্ৰতিবছৰৰ দৰে বৰপেটাৰ ৰাইজিং ক্লাবে ব্যতিক্ৰমী ধৰণে আজিও আয়োজন কৰে মুকলি পথৰ হোলীগীত প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আজি পুৱা বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ২১ টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন বৰপেটা সত্ৰৰ সন্মুখৰ পৰা নহাটী, ১ নং গলিয়াহাটী, শংকৰদেৱ বিদ্যা নিকেতন হৈ বৰপেটা চহৰত প্ৰৱেশ কৰে। আজিৰ প্ৰতিযোগিতাখনৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাব প্ৰাংগনত।
আজিৰ এই অনুষ্ঠানতে অক্ষয় কুমাৰ মিশ্ৰৰ ‘বৰপেটা সত্ৰৰ ঐতিহ্য আৰু বৰপেটাৰ দেউল’ শীৰ্ষক এখন গ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই উন্মোচন কৰে।