• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ প্ৰধান মন্ত্ৰী হিচাপে মোদী ব্যৰ্থ হৈছে : ড০ ৰুদ্ৰাংশু মুখাৰ্জী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2018 8:04 pm
Nagorik xova

প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰতত আইনৰ শাসন আৰু সাংবিধানিক গণতন্ত্ৰলৈ অহা প্ৰত্যাহ্বান’’ শীৰ্ষক বক্তৃতানুষ্ঠান।

888
VIEWS
Share on FacebookShare on Twitter

‘ভাৰতৰ দৰে বিশাল তথা বহুত্বৰ পয়োভৰ থকা গণতান্ত্ৰিক দেশৰ প্ৰধান মন্ত্ৰী হিচাপে মোদী ব্যৰ্থ হৈছে। মোদীৰ শাসনকালত সাংবিধানিক গণতন্ত্ৰলৈ ভাবুকি আহিছে।’ এই মন্তব্য বিশিষ্ট ইতিহাসবিদ তথা লেখক আৰু হাৰিয়ানাৰ অশোকা বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড০ ৰুদ্ৰাংশু মুখাৰ্জীৰ।

তেওঁ কয়, ‘জৱাহৰলাল নেহৰু যেতিয়া শাসনলৈ আহিছিল, তেতিয়া ভাৰতৰ পৰিস্থিতি অতি ভয়াৱহ আছিল। সেয়েহে তেওঁ সংসদীয় গণতন্ত্ৰৰ জৰিয়তে সমাজত এক সুস্থিৰ বাতাবৰণ সৃষ্টিৰ চেষ্টা চলাইছিল। কিনতু বৰ্তমান নৰেন্দ্ৰ মোদীৰ দিনত সংসদীয় গণতন্ত্ৰৰ বিপৰীতে আমি হিন্দুত্ববাদৰহে প্ৰচাৰহে দেখা পাইছো।’

-আজি মহানগৰীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অসম নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘ভাৰতত আইনৰ শাসন আৰু সাংবিধানিক গণতন্ত্ৰলৈ অহা প্ৰত্যাহ্বান’ শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভাষণত আচাৰ্য্যজনে এইদৰে কয়।

এই সন্দৰ্ভত তেওঁ নিজৰ বাখ্যা আগ বঢ়াই কয়, ‘’স্বাধীনতাৰ সকল্প আৰু প্ৰমূল্যক বাস্তৱক্ষেত্ৰত ৰূপায়িত কৰিব নোৱৰা কথাটোৱে নেহৰুক প্ৰধান মন্ত্ৰীৰ কাৰ্য্যকালৰ প্ৰতিটো মুহূৰ্তত ব্যাকুল কৰি ৰাখিছিল। নেহেৰুৱে চেকুলাৰিজিমত বিশ্বাস কৰিছিল। লগতে  নেহৰুৱে যিখিনি কাম কৰিছিল সেয়া সংবিধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰিছিল। তেওঁ সংখ্যাগুৰু, সংখ্যালঘু সেইবোৰ বিচাৰ নকৰি ধৰ্মীয় সহিষ্ণুতাৰে সকলোকে সমান চকুৰে চাইছিল। তদুপৰি তেওঁ সংবিধানত উল্লেখ থকা বৈজ্ঞানিক মানসিকতা আৰু কথাষাৰৰ ওপৰত দৃষ্টি ৰাখিছিল।

আনহাতে ইন্দিৰা গান্ধী শাসনলৈ অহাৰ পিছত নেহেৰুৰ সংসদীয় গণতন্ত্ৰৰ ওপৰত কিছু প্ৰত্যাহ্বান অহা বুলি মন্তব্য কৰি তেওঁ কয় ‘’ইন্দিৰা গান্ধীৰ শাসনৰ সময়ছোৱাত ক্ষমতা কেন্দ্ৰীভূত হোৱা দেখিবলৈ পোৱা গৈছিল।’

ড০ মুখাৰ্জীয়ে নেহৰুৰ শাসনকালৰ ইতিবাচক দিশবোৰক প্ৰশংসা কৰাৰ বিপৰীতে মোদী চৰকাৰৰ শাসন ব্যৱস্থাক সমালোচনা কৰি কয়, ‘নৰেন্দ্ৰ মোডীৰ মূল মতাদৰ্শটো হৈছে হিন্দুত্ববাদ। মোদীৰ মতে ভাৰতত হিন্দু যিহেতু সংখ্যাগৰিষ্ঠ গতিকে হিন্দুসকলৰ মতামতৰ দ্বাৰা চলিব লাগিব। লগতে তেওঁ ভাৰতবৰ্ষক  হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা চলাই আছে।’

তদুপৰি তেওঁ মোদী চৰকাৰৰ দিনত বিক্ষিপ্ত ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱা বুলি মন্তব্য কৰি কয়, ’২০১৬ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনক উকীল তথা আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি আটক কৰিছিল। ধৰ্মীয় বিভেদ সৃষ্টিকাৰী বিজেপি দলৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিছে।’

আনহাতে যিসকলে মোদী চৰকাৰৰ হিন্দুত্ববাদী নীতিৰ বিৰোধিতা কৰিছে তেওঁলোককে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া বুলি তেওঁ কয়।

শেষত তেওঁ কয়, ‘মোদীৰ এই নীতি-আদৰ্শ বৰ্তমানো বহু লোকে মানি ল’ব নোখোজে। আজিৰ সভাত ইমানখিনি লোক একত্ৰিত হোৱাটোৱে সেই কথাই প্ৰমাণ কৰিছে। ১৯৪৭ চনৰ পিছত জৱাহৰলাল নেহৰুৱে যি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল সেই গণতন্ত্ৰৰ প্ৰতি মোদীয়ে চৰম ভাবুকি কঢ়িয়াই অনাৰ লগতে ফেচিবাদী শাসন প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেই কথা আপোনালোকৰ অৱগত। গতিকে আমি সংবিধানত উল্লেখ থকা সমতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষ বিচাৰো, আমি নৰেন্দ্ৰ মোদীৰ প্ৰতিষ্ঠিত নতুন ভাৰতবৰ্ষ নিবিচাৰো।’

আনহাতে বক্তৃতানুষ্ঠানটোত জ্যেষ্ঠ অধিবক্তা  নিলয়ানন্দ দত্তই ভাষণ প্ৰদান কৰি কয়, ‘’আইনৰ শাসন আমি বিদেশৰ প্লেটো, ৰুচো এৰিষ্টটলৰ লগত তুলনা কৰি আলোচনা কৰাতকৈ মহাপুৰুষ শংকৰদেৱৰ সৈতে তুলনা কৰি আলোচনা কৰিব পাৰো। যিসময়ত শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰি সকলোকে একতাৰ ডোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল সেই সময়ত অসমৰ পৰিস্থিতি বহু ভয়াৱহ আছিল। সেয়েহে আমি তেওঁক আইনৰো গুৰু হিচাপে মানিব পাৰো।’

গ্ৰাম্য জীৱনত নামঘৰৰ ভূমিকা সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয়, ‘নামঘৰতে গাঁৱৰ সকলো লোক একত্ৰিত হৈ ৰাইজমেল অনুষ্ঠিত কৰি এটা সমস্যাৰ সমাধান কৰিব পাৰে। গতিকে শংকৰদেৱে প্ৰতিষ্ঠা কৰা এই নামঘৰকে প্ৰথম আদালত হিচাপে ক’ব পাৰো। এই নামঘৰতে জনসাধাৰণে গণতান্ত্ৰিকভাৱে এটা সমস্যাৰ আলোচনাৰ জৰিয়তে সমাধানৰ সূত্ৰ বিচাৰি পায়। এইটোকে আমি প্ৰাৰম্ভিক পৰ্য্যায়ত আইনৰ ভূমিকা বুলি ক’ব পাৰো।’

তদুপৰি তেওঁ নামঘৰ অথবা ইছলামৰ খুদবাৰ জৰিয়তে যি কথা কোৱা হয় এইবোৰৰ বাহিৰে বিদেশৰ পৰা আমদানিকৃত কিছুমান ধাৰণাৰে মানুহৰ মন সলনি কৰিব নোৱাৰে বুলি এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগ বঢ়ায়।

Rudrangshu Mukharji photo
বক্তৃতানুষ্ঠানত ভাগ লোৱা লেখক, ইতিহাসবিদ ড০ ৰুদ্ৰাংশু মুখাৰ্জী।

তদুপৰি ড০ মুখাৰ্জীয়ে জৱাহৰলাল নেহৰুৰ দিনত সংসদীয় গণতন্ত্ৰ থকা বুলি বক্তৃতা দিয়াৰ বিপৰীতে তেওঁ কংগ্ৰেছ অথবা বিজেপি দুয়োখন চৰকাৰৰ দিনতে সাংবিধানিক আইনৰ পৰিস্থিতি বেয়া বুলি মন্তব্য কৰি তেওঁ কয়, ‘ভাৰতবৰ্ষত আইনৰ শাসন তথা সংসদীয় কোনোদিনে প্ৰতিষ্ঠা হোৱা নাই। মই নেহৰুৰ দিনত যে আইন ব্যৱস্থা ভাল আছিল সেই কথা কেতিয়াও অনুভৱ নকৰো। আমি বৰ্তমান সময়ত এনেদৰে ক’ব লাগিব যে স্বাধীনোত্তৰ পিছৰে পৰা বৰ্তমানলৈকে ভাৰতৰ পৰিস্থিতি কোনো দিনে ভাল নাছিল সেয়েহে সামাজিক পৰিৱৰ্তনৰ প্ৰয়োজন।’

আনহাতে অধিবক্তাগৰাকীয়ে সংসদলৈ নিৰ্বাচন কৰি পঠিওৱা প্ৰতিগৰাকী নেতাৰ ৰাজনৈতিকভাৱে মতানৈক্য থাকিলেও ভিতৰুৱাভাৱে তেওঁলোকৰ মাজত বহু সম্প্ৰীতি থকা বুলিও তেওঁ মন্তব্য কৰে।

অসম চুক্তিৰ সন্দৰ্ভত তেওঁ কয়, ‘সকলোৰে সিদ্ধান্ত অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চটো ধৰা হ’ল তথা যিসকলে মানি লোৱা নাছিল তেওঁলোককো বুজাই-পৰাই লোৱা হ’ল। কিন্তু গোপনীয়ভাৱে ২০১৬ চনত এখন জাননী প্ৰকাশ পালে যে বিশেষ ধৰ্মৰ অবৈধ বিদেশীকো বিশেষ ব্যৱস্থাৰে নাগৰিকত্ব প্ৰদান কৰিব পাৰি। অসমৰ জনসাধাৰণে এই কাৰ্য্যৰ বিৰোধিতা কৰি আছে। কিন্তু যিসকলে দেশ শাসন কৰি আছে তেওঁলোকে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিছে। দুৰ্ভাগ্যৰ কথা যে এই বিলখন আইনত পৰিণত কৰাৰ আগ মুহূৰ্তত অসমলৈ আহি অসমৰ জনসাধাৰণৰ সৈতে আলোচনাত মিলিত হ’বৰ বাবে তেওঁলোকৰ সময়ৰ অভাৱ। সেয়েহে মই ক’ব বিচাৰিছো যে ৰাইজৰ দৃষ্টিকোণেৰে আইন প্ৰণয়নকাৰীসকলে আইন প্ৰস্তুত নকৰে, বৰঞ্চ তেওঁলোকৰ নিজৰ মাজতে আলোচনা তথা গণনা কৰি আইনসমূহ প্ৰস্তুত কৰে।’

উক্ত বক্তৃতানুষ্ঠানত ভাষণ প্ৰদান কৰি মেঘালয়ৰ মানব অধিকাৰ আয়োগৰ অধ্যক্ষ তথা ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়াই কয়, ‘ভাৰতৰ ৯২ শতাংশ জনসাধাৰণে বৰ্তমান সময়লৈকে সংবিধানখন দেখি পোৱা নাই। বাকী ৮ শতাংশ ন্যায়াধীশ, অধিবক্তা আৰু আইনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে সংবিধানখন দেখিছে। আমি কেৱল আইনৰ শাসন, গণতন্ত্ৰৰ বিষয়ে চিঞৰি থাকো, কিন্তু একো নাজানো।’

তেওঁ ভাৰতীয় সংবিধানৰ সমগ্ৰ কথাখিনি ইংৰাজৰ বুলি মন্তব্য কৰে।  লগতে তেওঁ সভাত উপস্থিত সকলোকে উপহাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত একোখনকৈ সংবিধান উপহাৰ দিবৰ বাবে আহ্বান জনায়।

অনুষ্ঠানটোত ভাষণ দি উদ্যোক্তাসকলৰ এজন তথা বিশিষ্ট সাংবাদিক অজিত ভূঞাই ক্ষোভ প্ৰকাশ কৰি কয়, ‘আজি গণতন্ত্ৰ অভাব হৈছে। লগতে আমাৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে আৰু আমি ভয়ৰ মাজত দিন কটাবলগীয়া হৈছে। সেয়েহে আমি সকলোকে একেলগ কৰাৰ মানসেৰে আমাৰ প্ৰথমটো পদক্ষেপ হাতত লৈছো।’

অজিত ভূঞাই লগতে কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে বিজ্ঞানীসকলৰ আগত দিয়া বক্তৃতা সন্দৰ্ভত তেওঁ কয়, ’প্ৰধান মন্ত্ৰী মোদীয়ে গণেশৰ মূৰ কটাটোক ভাৰতৰ প্ৰথম  প্লাষ্টিক চাৰ্জাৰি বুলি দাবী কৰাৰ লগতে বিন্ধ্য পৰ্বত দাঙি অনাটো ৰকেট লান্সাৰ পঠিওৱা বুলি কোৱা মন্তব্যই বিশ্ববাসীৰ সন্মুখত ভাৰতক হাঁহিয়াতৰ পাত্ৰ কৰিলে। তেওঁৰ এই মন্তব্যৰ সময়ত সকলো বিজ্ঞানীয়ে লাজত তলমূৰ কৰি আছিল। এইজন প্ৰধান মন্ত্ৰীয়েই প্ৰথম প্ৰধান মন্ত্ৰী, যি বিজ্ঞানৰ অপবাখ্যা আগ বঢ়োৱা আমি শুনিবলৈ পালো।’

উল্লেখযোগ্য যে চিকিৎসক তথা সমাজকৰ্মী ড০ লক্ষ্মী গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানত প্ৰায় ৫ শতাধিক লোক উপস্থিত আছিল। লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বেদব্ৰত বৰুৱা , নাগৰিক সভাৰ হৈ হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, অখিলৰঞ্জন দত্ত, হাইদৰ হুছেইনকে ধৰি অন্য বহু কেইগৰাকী বিশিষ্ট ব্যক্তি এই বক্তৃতানুষ্ঠানত উপস্থিত থাকে।

উদ্যোক্তামণ্ডলীয়ে জানিবলৈ দিয়া অনুসৰি মোদী চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে এয়া তেওঁলোকৰ প্ৰথম পদক্ষেপ। উদ্যোক্তাসকলে কয় যে বৰ্তমান সময়ত বিজেপি চৰকাৰে পৰিকল্পিতভাৱে ধৰ্মীয় সংখ্যালঘু তথা নিম্নবৰ্গৰ জনসাধাৰণৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে, যিসমূহ অসমীয়া জাতিৰ লগতে জাতীয় ঐক্যৰ প্ৰতি বৃহৎ প্ৰত্যাহ্বান।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd