আজি গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযান চলাই থকা সময়ত ২১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে আৰক্ষীৰ দলটোৱে এক নিৰ্ভৰযোগ্য সূত্ৰৰ আধাৰত মহানগৰীৰ গড়চুকস্থিত আই এছ বি টিত অভিযান চলোৱাত জব্দ কৰিবলৈ সক্ষম হয় উক্ত গাঞ্জাখিনি। আৰক্ষীৰ অভিযান কালৰ সময়চোৱাত দলটোৱে দুজনকৈ গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত গাঞ্জা সৰবৰাহকাৰী দুজনৰ এজন কমল হক আৰু আনজনক গৌতম দেৱ নাথ বুলি আৰক্ষীৰ দলটোৱে চিনাক্তকৰণ কৰিছে। প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত সৰবৰাহকাৰী দুজন ত্ৰিপুৰাৰ। ত্ৰিপুৰাৰ লোকদুজনে অসমত কোনো চোৰাং ব্যৱসায়ীক গাঞ্জাখিনি যোগান ধৰিবলৈ অহা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। আৰক্ষীৰ দলটোৱে জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় লাখ টকা হ’ব বুলি সূত্ৰটোৱে কয়। আনহাতে আৰক্ষীৰ দলটোৱে অধিক তথ্য সংগ্ৰহৰ বাবে ধৃত গাঞ্জা সৰবৰাহকাৰী দুজনক জেৰা চলায় থকা বুলি জানিব পৰা গৈছে।