আজি দুপৰীয়াৰ ভাগত মহানগৰীত পুনৰ শিশু অপহৰণৰ এটা ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ শ্ৰীনগৰ অঞ্চলৰ নলিনীবালা দেৱী পথত থকা কিড বেদা নামৰ বিদ্যালয়খনৰ পৰা মানবিক সুৰানা নামৰ এই ৫ বছৰীয়া শিশুটিক কৌশলেৰে কোনোবাই অপহৰণ কৰা বুলি এটা সূত্ৰৰ পৰা গম পোৱা গৈছে।
সূত্ৰটোৱে জনোৱা মতে পৰিয়ালৰ লোক বুলি ভুৱা পৰিচয় দিয়া, ক’লা জাকেট পিন্ধি অহা যুৱক এজনে বিদ্যালয়খনৰ নিয়মীয়া ছুটীৰ সময় (১২.৩০)ৰ পূৰ্বেই এই শিশুটিক বিদ্যালয়খনৰ পৰা কৌশলেৰে লৈ যায়। তাৰ বাবে যুৱকজনে বিদ্যালয় কৰ্তৃপক্ষক শিশুটিক মাকে জৰুৰীভাৱে নিবলৈ পঠাইছে বুলি মিছাকৈ কয়।
আনকি যুৱকজনে ম’বাইলত এগৰাকী মহিলাৰ সৈতে বিদ্যালয় কৰ্তৃপক্ষক কথা পতাই দিয়ে, যিগৰাকীয়ে শিশুটিৰ মাক বুলি কয় আৰু জৰুৰীভাৱে তাক যুৱকজনৰ সৈতে পঠাই দিবলৈ অনুৰোধ কৰে।
এই ঘটনাৰ পিছত শিশুটিক অপহৰণ কৰা বুলি জানিব পাৰি অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত হাহাকাৰ লাগে। আৰক্ষীক অৱগত কৰা হৈছে যদিও আৰক্ষীয়েও এই পৰ্য্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। শিশুটিৰ দেউতাকৰ নাম বিকাশ সুৰানা বুলি জানিব পৰা গৈছে। তেওঁ পেচাত ঠিকাদাৰ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেই মহানগৰীৰ পৰা শিশুৰ অপহৰণৰ ঘটনা সংঘটিত হৈছিল। যোৱা ২০১৬ চনৰ আগষ্টত গুৱাহাটীৰ জয়ানগৰ অঞ্চলৰ পৰা অদিশ্ৰী নামৰ ৭ বছৰীয়া এটি কন্যা শিশুক অপহৰণ কৰা হৈছিল ঘৰুৱা কাম কৰা লোকৰ দ্বাৰা। পিছত আৰক্ষীয়ে অতি তৎপৰতাৰে ২৪ ঘণ্টাৰ ভিতৰত সৰ্থেবাৰীৰ পৰা উক্ত শিশুটিক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী বনকৰা মহিলা ৰুমী দাস, নিৰ্মল কলিতা, আনোৱাৰ হুছেইন, লোকমান আলী, দনেশ আলী আৰু টিংকু আলীক গ্ৰেপ্তাৰো কৰিছিল।
একেই ঘটনাৰ পুনৰাবৃত্তিয়ে স্বাভাৱিকতে মহানগৰবাসী অভিভাৱকসকলক চিন্তিত কৰি তুলিছে।