মাজুলী জিলা সাহিত্য সভাই নামনি মাজুলী কণিষ্ঠ মহাবিদ্যালয় আৰু নামনি মাজুলী শাখা সাহিত্য সভাৰ সহযোগত মহাবিদ্যালয়খনিৰ প্ৰাঙ্গনত ১৯ আৰু ২০ জুনত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন কৰে।
১৯ এপ্ৰিলত বিভিন্ন কাৰ্যসূচীৰ হৈ যোৱাৰ পিছত বুধবাৰে পুৱা ৮-৪৫ বজাত জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকতে পতাকা উত্তোলন কৰাৰ পিছতে ৯-১৫ বজাত জিলা উপ সভাপতি ৰামেশ্বৰ শইকীয়াই স্মৃতি তৰ্পণ কৰে।
ইয়াৰ পিছতেই চিৰ চেনেহী গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে গোৱাল গাঁঁও জোনাকী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।
জিলা সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়াই আঁতধৰা আৰু প্ৰভাত বৰা বুঢ়াভকতে সভাপতিত্ব কৰা সভাখনি উদ্বোধন কৰে নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ কুশল হাজৰিকাই।
সভাত যুগল হাজৰিকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল নামনি মাজুলী শাখা সাহিত্য সভাৰ সভাপতি অনিল কুমাৰ বৰা আৰু মহকুমা কৃষি বিষয়া ভাৰত জ্যোতি বৰঠাকুৰ।
উক্ত অনুষ্ঠানতে এইবাৰৰ উঃ মাঃ চূড়ান্ত পৰীক্ষাত মাজুলীৰ ভিতৰত অসমীয়াত সৰ্ব্বোচ নম্বৰ প্ৰাপ্ত নামনি মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী ৰশ্মিৰেখা শইকীয়াক মুক্তিযোদ্ধা স্বৰ্গীয় উমাৰাম শইকীয়া স্মৃতি বঁটা প্ৰদান কৰে মাজুলী জিলা সাহিত্য সভাৰ আকাশ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনতি শইকীয়াই।
তদুপৰি মঙলবাৰে হৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভা গীতৰ নিম্ন আৰু উচ্চ শাখাৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।