সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ বি,য়াসকলে বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ নেত্ৰি গাঁৱৰ পৰা এক বিশাল পৰিমানৰ ফেন্সিডাইল কফ চিৰাপ জব্দ কৰে।
বিএছএফৰ বিষয়াসকলে কয় যে ফেন্সিডাইলেৰে সৈতে সন্দেহজনক চোৰাং বেপাৰীৰ গতি বিধি লক্ষ্য কৰি নেত্ৰিত নিয়োজিত হৈ থকা বিএছএফৰ বিষয়াসকলে চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলাই ফেন্সিডাইলখিনি জব্দ কৰিবলৈ সক্ষম হয়।
চোৰাং কাৰবাৰীসকলে ১.২১ লাখ টকা মূল্যৰ ফেন্সিডাইলখিনি চোৰাংভাৱে নেত্ৰিৰ পৰা বাংলাদেসলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।
বিএছএফৰ বিষয়াসকলে কয় যে ড্ৰাগছখিনি কঢ়িয়াই অনা চোৰাং কৰাবাৰী কেইজন পলাই যাবলৈ সক্ষম হয়।
‘’ জোৱানসকলক দেখি সন্দেহযুক্ত চোৰাং কাৰবাৰীসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে, বিএছএফৰ বাহিনীয়ে ১.২১ লাখ টকা মূল্যৰ ৯৫০ বটল ফেন্সিডাইল অঞ্চলটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। ফেন্সিডাইলখিনি বেপাৰীসকলে বাংলাদেশলৈ বুলি নিবলৈ পাং পাতিছিল যদিও সীমান্তৰ জোৱানসকলৰ তৎপৰতাৰ বাবে ড্ৰাগছখিনি জব্দ কৰিব পৰা গ’ল,’’- বিএছএফৰ বিষয়াসকলে কয়।
অনুমোদিত কম মাত্ৰাৰ ঔষধৰ বিপৰীতে ফেন্সিডাইল কফ চিৰাপ বাংলাদেশত বৃহৎ পৰিমানে সেৱন কৰা হয়।
মদ্যপান নিষিদ্ধ হোৱাৰ বাবে বাংলাদেশত ফেন্সিডাইল সেৱনৰ মাত্ৰা বৃদ্ধি পাইছে।
এইদৰে চোৰাং কাৰবাৰীসকলে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি বিপুল পৰিমানৰ লাভ কৰিবলৈ সক্ষম হয়।
জব্দকৃত সামগ্ৰীসমূহ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগলৈ হস্তান্তৰ কৰা হৈছে।