• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী চৰকাৰে বেটী বচাও বেটী পঢ়াও শ্ল’গানৰ জৰিয়তে নাৰীসকলক দুৰ্বল বুলিহে প্ৰমাণিত কৰিব খুজিছে : শ্বেহনাজ ইয়াছমিন হক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2018 8:13 pm
4d4a909d-fa4a-4292-a8d4-d570652664b5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰতকৈও নাৰী নিৰ্যাতন বৃদ্ধি হোৱাৰ অভিযোগ তুলি আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ য়াছমিন হকে ৰাজীব ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰে।

উক্ত সংবাদ মেলত তেওঁ মোডী চৰকাৰক কটাক্ষ কৰি কয়, ‘মোডী চৰকাৰে বেটী বচাও-বেটী পঢ়াও শীৰ্ষক যি শ্ল’গান দি আছে, সেয়া এক ভূৱা প্ৰচাৰ। কিয়নো কেন্দ্ৰীয় চৰকাৰে এই শ্ল’গানেৰে প্ৰচাৰ চলাই থকাৰ বিপৰীতে সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ অসমত বৰ্তমান সময়ত নাৰীজনিত অপৰাধসমূহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁলোকে এই শ্ল’গান প্ৰচাৰৰ নামত কোটি-কোটি টকা ব্যয় কৰিয়ে আছে, কিন্তু বাস্তৱক্ষেত্ৰত অপৰাধ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে।‘

তেওঁ লগতে কয়, ‘বিজেপি চৰকাৰে এই বেটী বচাও শব্দ দুটাৰে মহিলাসকল যে দুৰ্বল সেই কথাই প্ৰতিপন্ন কৰিব বিচাৰিছে। বেটী বচাও বুলি কৈ যদি মহিলাৰ নিৰাপত্তা নাথাকে তেন্তে এই আঁচনি বা শ্ল’গানৰ কোনো মূল্য নাই। গতিকে তেওঁলোকে এই শ্ল’গানটো আঁতৰাব লাগে।

অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত দিল্লীৰ পিছতে অসমে স্থান লাভ কৰা বুলি তেওঁ মন্তব্য কৰে। লগতে তেওঁ কয়, ‘২০১৬ চনৰ পৰা মহিলাসকলৰ ধৰ্ষণৰ গোচৰ ক্ৰমান্বয়ে বাঢ়িছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছো যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে শাস্তি হিচাপে তেওঁক মৃত্যুদণ্ড দিব লাগে। লগতে ১৮ বছৰৰ তলৰ যিসকল এনেধৰণৰ ধৰ্ষণৰ কাণ্ডৰ সৈতে জড়িত হৈ আছে তেনেক্ষেত্ৰত তেওঁলোকে ভাবিছে যে তেওঁলোকৰ কোনো শাস্তি নহয়। সেয়েহে তেওঁলোকে বেছিকৈ এইসমূহ কাম-কাজ কৰিবলৈ  শংকা নকৰা হৈছে। সেয়েহে  জুভেনেইল জাষ্টিচ আইনখনৰ কিছু সংশোধন কৰি ধৰ্ষণৰ সৈতে জড়িত ১৮ বছৰৰ তলৰ সকলকো কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো।‘

আনহাতে, জাতি মাটি ভেটিৰ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে মুঙ্গৰীলাল কী হাচিন স্বপ্নাৰ দৰে কাম কৰা বুলি মন্তব্য কৰি সভানেত্ৰীগৰাকীয়ে কয়, ‘মহিলাসকলক এটা সুন্দৰ জীৱন প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দি তেওঁলোক শাসনলৈ আহিছিল। কিন্তু তাৰ বিপৰীতে আমি দেখা পাইছো আইন শৃংখলা একেবাৰে নোহোৱা হৈ গৈছে। আমি এই চৰকাৰখনক গৰিহনা দিছো।‘

তদুপৰি সভানেত্ৰী ইয়াছমিন হকে বিগত দুটা বছৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ঘটনাৰ মাত্ৰা তথ্যসহকাৰে উপস্থাপন কৰি কয়, ‘বিগত দুটা বছৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ২৯২২৩ টা অপৰাধৰ ৩০০৯ টা ধৰ্ষণৰ ঘটনা, ১৭১০৬ টা শাৰিৰীক নিৰ্যাতনৰ ঘটনা, ৯১০৮ টা অপহৰণৰ ঘটনা। ৯ টা ধৰ্ষণৰ ঘটনাত ভূক্তভোগীয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।‘

তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰ দিনতো অপৰাধ হৈছিল বুলি স্বীকাৰ কৰি বিজেপি চৰকাৰৰ দিনত সংঘটিত অপৰাধৰ সৈতে এটা তুলনামূলক বাখ্যা আগবঢ়াই মহিলা সভানেত্ৰীগৰাকীয়ে কয়, ‘২০১৫ চনত কংগ্ৰেছ চৰকাৰৰ শাসন কালত সংঘটিত ১১৬৮০ টা নাৰী নিৰ্য্যাতনৰ সৈতে জড়িত ১৭০৩৪ জন লোকক আটক কৰি ৬১৫ জনক শাস্তি প্ৰদান কৰিছিল। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ শাসনৰ সময়ছোৱাত ২০১৬ চনত ১৬১৯৪ টা নাৰী নিৰ্য্যাতনৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মাত্ৰ ১২৫৪৫ জন লোককহে আটক কৰা হৈছিল আৰু ইয়াৰে মাত্ৰ ৩৯৪ জনকহে শাস্তি প্ৰদান কৰিছিল। এই ধাৰা অব্যাহত থাকিলে নাৰী সমাজৰ বাবে অতি ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ’ব।‘

তদুপৰি তেওঁ ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ সৈতে জড়িত সকলৰ বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া কৰাৰ স্বাৰ্থত ফাৰ্ষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিবৰ বাবেও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

আনহাতে, উক্ত সংবাদ মেলতে তেওঁ যোৰহাটৰ মহিলা বিশ্ব বিদ্যালয়ৰ প্ৰসংগটো উত্থাপন কৰি মত প্ৰকাশ কৰে যে মহিলা সবলীকৰণৰ কথা কোৱা অসমৰ বিজেপি চৰকাৰে শেহতীয়াকৈ যোৰহাটস্থিত উত্তৰ-পূবৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনত তলা ওলমাব বিচাৰিছে। ইয়াৰ পৰা এটা কথাই প্ৰমাণিত হ’ল যে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোডী মহিলাসকলৰ ঘোৰ বিৰোধী। তেওঁলোকৰ মহিলাসকলৰ প্ৰতি কোনো সদ্দিচ্ছা নাই।‘

মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই যিখিনি যুক্তি আগবঢ়াইছিল সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি শ্বেহনাজে মন্তব্য কৰে। লগতে তেওঁ মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগটো ৰাজনৈতিক মেৰপাচত সুমুৱাই জটিল নকৰি এই মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিযুক্তি দিয়াৰ উপৰিও প্ৰযুক্তিগত দিশত থকা সমস্যাসমূহ নাইকীয়া কৰি  ভাৰতৰ ভিতৰতে জাকত জিলিকা কৰি তুলিবলৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd