• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোহন ভাগৱতৰ নিৰ্দেশ মৰ্মেই বিজেপিয়ে অনুসূচিত জাতি-জনজাতিৰ নীতি বিৰুদ্ধ সিদ্ধান্ত লৈছে : ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 9, 2018 8:27 pm
APCC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কেইমাহমান পূৰ্বে আৰ এছ এছ প্ৰমুখ মোহন ভাগৱতে কৈছিল যে অনুসূচিত জাতি-জনজাতিসকলৰ বাবে থকা বিশেষ সংৰক্ষণৰ ব্যৱস্থাটো উঠাই দিব লাগে। তেতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল তথা প্ৰতিবাদ কৰা নাছিল। এইটোৱে কি বুজায়? সংস্কৃতত কোৱা হৈছে ‘মৌনম সন্মতি লক্ষণম’ গতিকে আমি ভাবো- তেওঁলোকে আৰ এছ এছ প্ৰমুখগৰাকীৰ মতেই এনে ধৰণৰ অনুসূচিত জাতি-জনজাতি বিৰোধী সিদ্ধান্ত ল’লে।‘

-আজি কংগ্ৰেছ দলটোৱে গোটেই দেশজুৰি লোৱা অনশন কাৰ্য্যসূচীৰ অংশস্বৰূপে অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি পালন কৰা ৮ ঘণ্টীয়া অনশনৰ শেষৰ ফালে এখন সংবাদমেল অনুষ্ঠিত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই এই মন্তব্য কৰে।

উল্লেখযোগ্য যে ১৯৮৯ চনতে  অনুসূচিত জাতি-জনজাতি সকলৰ সুৰক্ষাৰ বাবে বলৱৎ হোৱা Scheduled Castes and the Scheduled Tribes (Prevention of Atrocities) Act, 1989 আইনখনৰ যোৱা ২০ মাৰ্চত উচ্চতম ন্যায়ালয়ে দফা দুটাৰ সংশোধন ঘটাই শিথিল কৰিছিল। কংগ্ৰেছে কেন্দ্ৰত শাসনৰ গাদীত থকা বিজেপিয়ে এই ক্ষেত্ৰত ইচ্ছা কৰি আদালতত দুৰ্বল স্থিতি লোৱা বাবে দফা দুটাৰ ক্ষেত্ৰত এই শিথিলতা আহিল বুলি অভিযোগ কৰি যোৱা কিছু দিন প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

আনহাতে আজিৰ সংবাদমেলখনতে সভাপতিগৰাকীয়ে কেন্দ্ৰীয় বিজেপি চৰকাৰে প্ৰত্যেক বছৰ বাজেটতে অনুসূচিত জাতি-জনজাতিসমূহৰ কল্যাণৰ বাবদ আবণ্টিত ধনৰ পৰিমাণ কমাই অনা বুলিও অভিযোগ তোলে।

ৰিপুণ বৰাই তথ্য দি কয়, ‘বিগত ৪ বছৰত প্ৰত্যেক বছৰৰ বাজেটত অনুসূচিত জাতি-জনজাতিৰ লোকসকলৰ জনকল্যাণৰ বাবত অনুমোদিত ধনৰ পৰিমাণ প্ৰত্যেক বছৰে কমাই আনিছে। কংগ্ৰেছ চৰকাৰৰ দিনত এইসকলৰ কল্যাণৰ বাবে ধনৰাশিৰ অনুমোদন প্ৰত্যেক বছৰে বঢ়াই দিয়া হৈছিল। বিজেপি চৰকাৰে অন্তৰৰ পৰাই অনুসূচিত জাতি-জনজাতি লোকসকলৰ উন্নতি হোৱাটো নিবিচাৰে।‘

‘বিজেপি দল কেৱল দলিত লোক আৰু অনুসূচিত জাতি-জনজাতিৰ লোকসকলৰে বিৰোধী নহয়, অন্যান্য পিছপৰা লোকসকলৰো বিৰোধী। এয়া মোৰ কথা নহয়। ৰামেশ্বৰ তেলীয়ে কালি এই কথা ৰাজহুৱাভাৱে কৈছিল। সাংসদগৰাকীয়ে ৰাজহুৱাভাৱে বিজেপিৰ সাংসদসকলৰ প্ৰতি অভিযোগ আনিছিল যে অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগখন ৰূপায়িত নহ’ল কাৰণ বিজেপিৰ সাংসদসকলে এইখনৰ বিৰোধিতা কৰিছিল। বিজেপি চৰকাৰখনেই হৈছে উচ্চশ্ৰেণী তথা পুঁজিপতিসকলৰ প্ৰতি সমৰ্থন জনোৱা চৰকাৰ।‘ এইবুলি বৰাই কয়।

বিজেপি দলে সাপ হৈ খুঁটি বেজ হৈ জৰা বুলি মন্তব্য কৰি সভাপতিগৰাকীয়ে বিজেপি দলক প্ৰশ্ন কৰে যে এই বিষয়ক লৈ ৰাষ্ট্ৰ বিয়াপি অনশন কৰাৰ বিজেপি চৰকাৰৰ কি অধিকাৰ আছে? তেওঁলোকেই এই বিষয়টোৰ সৃষ্টি কৰি সাপ হৈ খুঁটি বেজ হৈ জৰা লেখীয়াকৈ অহা ১২ এপ্ৰিলত সৰ্বভাৰততে অনশন কৰাৰ কথা কৈছে বুলিও বৰাই সদৰী কৰে।

ৰিপুণ বৰাৰ মতে, ‘অনুসূচিত জাতি-জনজাতিৰ ওপৰত অত্যাচাৰ-উৎপীড়ন বিজেপি শাসিত ৰাজ্যসমূহতহে বেছিকৈ হৈছে। আনকি গুজৰাটৰ এগৰাকী দলিত সম্প্ৰদায়ৰ বিধায়কৰ ঘৰো জ্বলাই দিয়া হৈছে। প্ৰধান মন্ত্ৰীৰ নিজ ৰাজ্যত ক’ত অনুসূচিত জাতি-জনজাতিৰ লোকৰ নিৰাপত্তা আছে?’

তদুপৰি বৰাই নৰেন্দ্ৰ মোদীৰ মন কী বাত প্ৰসংগত উল্লেখ কৰে যে প্ৰধান মন্ত্ৰীগৰাকীয়ে নিজৰ মন কী বাত দেশৰ জনগণক শুনাই আছে যদিও দেশৰ জনসাধাৰণৰ মন কী বাত শুনিবলৈ তেওঁৰ সময়ৰ অভাৱ।

লগতে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট নিৰ্দেশনা নথকাৰ কাৰণে অতিৰিক্ত মহা ন্যায়াভিকৰ্তাই এই আইনখনৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। সেয়েহে আইনখনত থকা দুটা দফা উচ্চতম ন্যায়ালয়ে শিথিল কৰি দিলে। মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ অনুসূচিত জাতি-জনজাতিৰ মন্ত্ৰী-সাংসদসকলে বিৰোধিতা কৰিছে যদিও সেইসকলৰ মন কী বাতো শুনিবলৈ নৰেন্দ্ৰ মোদীৰ আজৰি নাই বুলি বৰাই কয়।

বৰাই লগতে কয়, ‘কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে মৰীয়া, মদাহি, মেচ কছাৰী, শৰণীয়া কছাৰী, দেউৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ইত্যাদি জনগোষ্ঠীসমূহক লগত লৈ ১৮খন উন্নয়ন পৰিষদ গঠন কৰিছিল। এই ১৮খন পৰিষদক সাংবিধানিক মৰ্য্যাদা দিয়া হোৱাৰ লগতে বাজেট অনুমোদনো দিয়া হৈছিল। তাৰ বিপৰীতে সোণোৱাল চৰকাৰে এই ১৮খন কাউন্সিল বন্ধ কৰি দিব বিচাৰিছিল যদিও তেওঁলোক উচ্চ ন্যয়ালয়ৰ কাষ চপাত সেই সিদ্ধান্ত বাতিল কৰিলে।‘

উল্লেখযোগ্য যে এই সংবাদমেলৰ পিছতে সভাপতি ৰিপুন বৰাকে ধৰি অনশনত অংশগ্ৰহণ কৰা সকলোৱে পানী, অ’ আৰ এছ আৰু ৰসগোল্লা খাই অনশন কাৰ্য্যসূচী সমাপ্ত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd