• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোৰ দিনত যদি বাজেটৰ ১০ শতাংশও কাম হোৱা নাছিল, তেন্তে হিমন্ত সেই সময়ত মিছাৰে চলিছিল : তৰুণ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 7:04 pm
TarunGogoi
92
VIEWS
Share on FacebookShare on Twitter

‘’মোৰ দিনত যদি চৰকাৰৰ বিভিন্ন বিভাগত উন্নয়ন হোৱাই নাছিল তেন্তে হিমন্তৰ স্বাস্থ্য আৰু শিক্ষা বিভাগতো কোনো উন্নয়ন হোৱা নাছিল। তাৰ বাবে তেৱেঁই দায়ী আছিল।‘’ আজিৰ বাজেট অধিৱেশনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।‘’

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে  ‘’হিমন্ত বিশ্ব শৰ্মা যি দলতে থাকে সেই দলৰে নেতৃত্বৰ প্ৰশংসা কৰাত পাকৈত। অগপ দলত থাকোতে প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰশংসা কৰাৰ লগতে মোৰ দিনত মোক তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্য মন্ত্ৰী আখ্যা দিছিল। এতিয়া মই এলাগী হৈ পৰিলো তাৰ বিপৰীতে এতিয়া সৰ্বানন্দ হৈ পৰিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্য মন্ত্ৰী।‘’

বিত্ত মন্ত্ৰী হিমন্তই তৰুণ গগৈৰ দিনত বাজেটৰ ১০ শতাংশও কাম হোৱা নাছিল বুলি কৰা মন্তব্য সন্দৰ্ভত কয়, ‘‘মোৰ দিনত বাজেটৰ ১০ শতাংশও কাম হোৱা নাছিল বুলি হিমন্তই কৈছে। বাৰু মই এগ্ৰি কৰিলো। ০ শতাংশও নাই হোৱা বুলি ক’লেও কওক। কিন্তু তাৰ মানে হিমন্তই তেতিয়া মিছা মাতি আছিল? স্বাস্থ্য, শিক্ষা এইবোৰ বিভাগত কাম নোহোৱাকৈয়ে হৈছে বুলি কৈ আছিল?’’ লগতে তেওঁ প্ৰশ্ন কৰে, চিকিৎসা মহাবিদ্যালয়বোৰৰ কি অৱস্থা আছিল? মহাবিদ্যালয়বোৰৰ কি অৱস্থা আছিল?

ইয়াৰোপৰি গগৈয়ে তেওঁৰ স্বাভাৱিক ভংগিত কয়, ‘’যদি মই ব্যৰ্থই আছিলোঁ তেন্তে মোক অসমৰ ৰাইজে কিয় তিনিবাৰকৈ মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে। দলং, ৰাস্তা-ঘাটৰ উন্নয়ন, খোৱাপানীৰ যোগান ইত্যাদি ক্ষেত্ৰত মোৰ সমান কাম কৰি দেখুৱাই দিয়ক।‘’

আনহাতে কংগ্ৰেছে সূতা-কম্বলৰ ৰাজনীতি কৰা বুলি এটা সময়ত উঠা অভিযোগ সন্দৰ্ভত তেওঁ কয়, ‘’গাঁৱৰ অঞ্চলৰ মানুহক সূতা-কম্বল আৰু আঁঠুৱাৰ নিতান্তই প্ৰয়োজন। মই আজিও সূতা-কম্বল-আঁঠুৱা প্ৰদানৰ সমৰ্থনত আছোঁ। শুৱালকুছি অঞ্চলত বয়নশিল্পৰ সৈতে জড়িত মহিলাসকলৰ অৱস্থা বৰ্তমান সময়ত অতি দুখলগা। বৰ্তমানো অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ  জনসাধাৰণে সূতা বিচাৰি হাবাথুৰি খাই আছে। আঁঠুৱা দিয়াটোৱে মেলেৰিয়া প্ৰতিৰোধত সহায় কৰিছিল। সেয়েহে সূতা-কম্বল আৰু আঁঠুৱাৰ যোগান ধৰিব পৰা আঁচনিখন বেয়া নহয়।‘’

ইয়াৰোপৰি তেওঁ সঘনাই বিদেশ ভ্ৰমণ কৰিছিল বুলি এচামে তোলা অভিযোগ খণ্ডন কৰি কয়, ‘’মই বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ বিদেশলৈ গৈছিলো। মই কেইবাবাৰো কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক জোচেইফক লগ ধৰি আঁঠুৱা বিতৰণৰ প্ৰসংগটো আলোচনা কৰিছিলো।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে মন্তব্য প্ৰকাশ কৰি তেওঁ কয়, ‘’বিজেপিয়ে এডভাণ্টেইজ আছাম অনুষ্ঠিত কৰি পুঁজিপতিসকলক মাতি আনি তেওঁলোকক ধনী কৰাৰ পৰিৱৰ্তে দুখীয়া শ্ৰেণীৰ লোকসকলক অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পৰা এটাই প্ৰমাণিত হৈছে যে এই চৰকাৰখন কৰ্পৰেট গোষ্ঠীৰ চৰকাৰ।

আনহাতে চূণচালিৰ সৃষ্টি নগৰৰ নিৰ্মাণৰ প্ৰসংগটোত বিভিন্ন পক্ষই কংগ্ৰেছ শাসনত থকাৰ সময়ত এই বনাঞ্চলত মাটিৰ পট্টা প্ৰদান কৰা বুলি কৰা অভিযোগ সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, ”মই জনাত তেওঁলোকক মই বনাঞ্চলত মাটি প্ৰদান কৰা নাই। যদি প্ৰদান কৰিছোৱেই এই মুহূৰ্ততে ভূমি পট্টা কৰ্তন কৰক।’’

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd