• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটৰ ছোৱালী হ’ষ্টেলৰ সন্মুখত যৌনাংগ প্ৰদৰ্শন, কেমেৰাত আবদ্ধ কেবাজনো যুৱকৰ ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2018 11:34 pm
boy masturbates in front of girls hostel in jorhat
57.1k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট ( Jorhat ) চহৰৰ তৰাজানৰ চোলাধৰা পথৰ দুটা ছোৱালী হ’ষ্টেলৰ সন্মুখত দীৰ্ঘদিনধৰি কিছুমান যুৱকে নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অহাৰ এক ঘটনা পোহৰলৈ আহিছে।

যোৱা দুমাহত হ’ষ্টেল দুটাৰ সম্মুখত দিনৰ ভাগত হস্তমৈথুন কৰি থকা তিনিজন যুৱকৰ ছবি আৰু ভিডিঅ’ কেমেৰাত ৰেকৰ্ড হৈছে।

ঘটনাটো সন্দৰ্ভত এচ এফ আই (Students’ Federation of India)ৰ যোৰহাট জিলাৰ সম্পাদক অমৰ কলিতাই আজি ১৩ মে’ত যোৰহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

SFI jorhat

ছাত্ৰ নেতাজনে জনোৱা মতে ‘হ’ষ্টেলৰ ছোৱালীবিলাকে নিজৰ পৰিচয় গোপনে ৰাখিবৰ বাবে তেওঁলোকৰ এগৰাকী বন্ধুৰ হতুৱাই এই ভিডিঅ’সমূহ ফে’ছবুকত দিয়ে।’ অমৰে জনাই ‘অভিনৱ ভৰালী নামৰ উক্ত বন্ধুজনো আমাৰ এচ এফ আইৰে সদস্য আৰু তেওঁ আমাক ভিডিঅ’সমূহ দেখুৱালে।’

নিজৰ ফে’ছবুকৰ প’ষ্টৰ যোগেদি অভিনৱে সকলোকে যিমান পাৰি এই প’ষ্টটো শ্বেয়েৰ কৰিবলে আহ্বান জনাইছে যাতে অভিযুক্ত যুৱক কেইজনক চিনাক্ত কৰিব পৰা যায়।

‘ছোৱালীবোৰেনো কিয় পুলিচক নজনালে, বাইকৰ নম্বৰনো কেলে লিখি নাৰাখিলে’ আদি ধৰণৰ অবাঞ্চিত প্ৰশ্ন নকৰিবলৈও প’ষ্টটোত লগতে অনুৰোধ কৰা হৈছে।

‘কিছুমান বিশেষ কাৰণত এই পোষ্টটো দিবলগীয়া হ’ল। বহু দিনৰ আগৰ পৰা কিছুমান কথা শুনি আছিলোঁ, যে ছোৱালীবোৰ বহু সময়ত বহু ক’ব নোৱাৰা ধৰণৰ কিছুমান ঘটনাৰ মুখামুখি হয়। আজি নিজে দেখিহে বুজিব পাৰিছোঁ কেনেকুৱা এক বেয়া অৱস্থা হ’ব পাৰে সেইটো’ বুলি যুৱকজনে উল্লেখ কৰিছে।

যোৱা দুবছৰ পূৰ্বে যোৰহাটত হোৱা ছাত্ৰী নিৰ্যাতনৰ ৰাজ্য জোকাৰি যোৱা ঘটনাৰ উল্লেখ কৰি যুৱকজনে ‘ঘটনাৰ দুবছৰ পাৰ নহওঁতেই পুনৰ এনেকুৱা ঘটনাৰ পুনৰাবৃত্তিয়ে যোৰহাটৰ প্ৰশাসন ব্যৱস্থাৰ দুৰ্বলতাকে সূচাইছে নেকি? নে এই ব্যৱস্থা নিৰ্মূলৰ বাবে কিবা দীৰ্ঘম্যাদী পদক্ষেপৰ অভাৱ?’ বুলি প্ৰশ্ন তুলিছে।

অভিনৱে প’ষ্টটোত লগতে উল্লেখ কৰিছে যে ‘তৃতীয় ভিডিঅ’টো অলপ আগত আহি পৰিছে। খবৰ পাই মোৰ লগৰ কেইজনমান হাতত লাঠি ইত্যাদি লৈ সেইখিনি ঠাই পোৱালৈ সেই লম্পটটো পলাই পত্ৰং দিলে।’

এজন আৰক্ষী বিষয়াই জনায় ‘ঘটনাটো বহুদিন ধৰি ঘটি আছিল। ভাল হৈছে যে এতিয়া অভিযোগ দাখিল হৈছে। ল’ৰাকেইটাক ধৰিবলে আমি চেষ্টা কৰি আছো আৰু খুব সোনকালেই আটক কৰিব পাৰিম বুলি আশা কৰিছো।’

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd