• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাম্প্ৰদায়িক শক্তিলৈ দৃষ্টান্তমূলক বাৰ্তা : আহেদুল আলীৰ দোকানখন বনাই দিলে সৰভোগৰ ৰাইজে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2018 7:44 pm
AhedulAli

ফটোত চি পি আই (এম)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ সহ অন্যান্যসকলক দোকানখন বনাই থকা অৱস্থাত দেখা গৈছে। ফটো : ফেইচবুকৰ সৌজন্যত।

170
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ সৌধটোক বাৰে বাৰে বগৰাবালৈ চেষ্টা কৰি থকা সাম্প্ৰদায়িক শক্তিক আজি ভাল শিক্ষা দিলে সৰভোগৰ ৰাইজে। সৰভোগত সাম্প্ৰদায়িক উত্তেজনাৰে উত্তেজিত ৰাইজে পৰহি ভাঙি পেলোৱা আহেদুল আলীৰ দোকানখন আজি সৰভোগৰে একাংশ ৰাইজে পুনৰ বনাই দিলে। তেওঁৰ দোকানখন বনাই দিবৰ বাবে চি পি আই (এম)ৰ নেতৃত্বত স্থানীয় ৰাইজ সদল-বলে ওলাই আহি আজি সম্প্ৰীতিৰ অনন্য দৃষ্টান্ত দাঙি ধৰা কথাটোৱে ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে।

Ahedul_Ali
আহেদুল আলীৰ ফেইচবুক একাউণ্টটোৰ পৰা দিয়া বিতৰ্কিত পোষ্টটো। ফটো : ফেইচবুকৰ সৌজন্যত।

উল্লেখযোগ্য যে দুদিন পূৰ্বে আহেদুল আলীৰ নামত থকা ফেইচবুক একাউণ্টৰ এটা বিতৰ্কিত পোষ্টক কেন্দ্ৰ কৰি অঞ্চলটোৰ হিন্দুত্ববাদীসকলে তেওঁৰ দোকানখন জ্বলাই দিছিল। কিন্তু পিছত আৰক্ষীৰ তদন্তত আচল তথ্য পোহৰলৈ আহে আৰু ‘পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ’ বুলি দিয়া বিতৰ্কিত পোষ্টটো আহেদুল আলীৰ একাউণ্ট ব্যৱহাৰ কৰি জ্যোতিষ নাথ নামৰ এজনে দিছিল বুলি ওলাই পৰে। তাৰ পিছতে আহেদুল আলীক আৰক্ষীয়ে মুক্তি দিয়ে। লগতে আচল অপৰাধী জ্যোতিষ নাথক আটক কৰে। জ্যোতিষ নাথে পিছত আৰক্ষীৰ আগত সকলো কথা স্বীকাৰ কৰে।

আজি চি পি আই (এম)ৰ নেতৃত্বত স্থানীয় ৰাইজে নিৰ্দোষী তথা ক্ষুদ্ৰ কুকুৰা ব্যৱসায়ী আহেদুল আলীৰ দোকানখন পুনৰ নিৰ্মাণ কৰি দিয়ে। সৰভোগৰ মানুহৰ এই মহানুভৱতাই অসমৰ সাতামপুৰুষীয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ ছবিখন অধিক উজ্জ্বল ৰূপত দাঙি ধৰিলে। এই দৃষ্টান্তই অসমত খোপনি ল’ব বিচাৰি থকা সাম্প্ৰদায়িক শক্তিৰ প্ৰতি এটা ডাঙৰ বাৰ্তাও প্ৰেৰণ কৰিব পাৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd