• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বচ্ছ সৰ্বেক্ষণ পৰিচ্ছন্নতা বঁটা প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 7:48 pm
গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ সৰ্বেক্ষণ ২০১৮ৰ বিদ্যালয় শিতানত প্ৰথম স্থান লাভ কৰা  পানবজাৰ ডনবস্ক' স্কুলে বঁটা গ্ৰহণ কৰাৰ মুহূৰ্ত

গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ সৰ্বেক্ষণ ২০১৮ৰ বিদ্যালয় শিতানত প্ৰথম স্থান লাভ কৰা পানবজাৰ ডনবস্ক' স্কুলে বঁটা গ্ৰহণ কৰাৰ মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ উদ্যোগত সমগ্ৰ দেশজুৰি চলি থকা স্বচ্ছ সৰ্বেক্ষণ ২০১৮ ৰ অংশ হিচাপে গুৱাহাটীত পৌৰ নিগমে আজি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানলৈ পৰিচ্ছন্নতাভিত্তিক বঁটাসমূহ প্ৰদান কৰে।

স্বচ্ছ সৰ্বেক্ষণ হৈছে স্বচ্ছ ভাৰত অভিযানৰ বিভিন্ন লক্ষ্যত উপনীত হ’বলৈ ভাৰত চৰকাৰে দেশৰ চহৰসমূহৰ স্বচ্ছতাভিত্তিক সামগ্ৰিক উন্নয়নৰ তদাৰকী কৰাৰ বাবে আয়োজন কৰা এটা অভিলাষী পদক্ষেপ।

গুৱাহাটী পৌৰ নিগমে চহৰখনৰ বিদ্যালয়, হোটেল, চিকিৎসালয়, আবাসিক এলেকা আৰু বজাৰ সন্থাসমূহৰ মাজত কৰা এক বিশেষ সমীক্ষাৰ অন্তত স্বচ্ছ সৰ্বেক্ষণৰ এই পুৰস্কাৰ ঘোষণা কৰা হৈছে।

আৱৰ্জনা পৃথকীকৰণ, নিস্কাষণ, শৌচালয়ৰ অৱস্থা আদি একাধিক বিষয়কলৈ এই সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাৰ মূল্যায়নৰ ভিত্তিতে বিদ্যালয় শিতানত প্ৰথম স্থান লাভ কৰে পানবজাৰ ডনবস্ক’ স্কুলে। এই শিতানত দি্বতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নুনমাটিৰ অসম জাতীয় বিদ্যালয় আৰু শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰে।

হোটেল শিতানত প্ৰথম স্থান লাভ কৰে বিভান্ট বাই তাজে। দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে হোটেল পেলেচিঅ’ আৰু হোটেল ৰেডিচন ব্লু।

চিকিৎসালয় শিতানত প্ৰথম স্থান লাভ কৰে আমিনগাঁৱৰ নাৰায়না ছুপাৰ স্পেচিয়েলিটি হাস্পাতালে। বৰাগাঁৱৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পাতালে দ্বিতীয় স্থান আৰু ছাত্ৰীবাৰী খ্ৰীষ্টীয়ান হাস্পাতালে তৃতীয় স্থান লাভ কৰে।

আৱাসিক কল্যাণ সন্থা শিতানত উলুবাৰীৰ ইনফিনিটি ছিগনেশ্যাৰ ইষ্টেটে আটাইতকৈ পৰিস্কাৰ আৱাসিক এলেকাৰ বঁটা লাভ কৰিছে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে বাঘৰবড়ীৰ ছাইন হেভেন আৰু জু’ৰোডৰ স্পেনিছ গাৰ্ডেনে।

স্বচ্ছ সৰ্বেক্ষণে গুৱাহাটীৰ বজাৰবোৰৰ মাজতো সমীক্ষা চলাইছিল আৰু তাৰ ভিত্তিত কাছাৰীঘাট বজাৰ সন্থালৈ আগবঢ়োৱা হৈছে পৰিচ্ছন্নতাৰ প্ৰথম স্থান। দ্বিতীয় স্থান লাভ কৰিছে চানমাৰিৰ আনন্দৰাম বৰুৱা মাৰ্কেটে আৰু তৃতীয় স্থানত আছে উজান বজাৰ।

আজি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে কয়,’’এই সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়াটো আছিল সৰ্বাত্মক পৰিচ্ছনতাকেন্দ্ৰিক আৰু আমি আশা এই স্বীকৃতিয়ে এই খণ্ডসমূহক পৰিচ্ছন্নতাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব আৰু আমাৰ চহৰখনক দেশৰ ভিতৰতে পৰিচ্ছন্ন চহৰ হিচাপে গঢ়ি তোলাত অৰিহনা যোগাব।‘’

আজিৰ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, স্বচ্ছ সৰ্বেক্ষণ গুৱাহাটীৰ বিপণন দূত কপিল বৰা আৰু সাগৰিকা গোস্বামীও উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd