• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাটখোৱাৰ পৰা কোটিপতি হোৱা কংগ্ৰেছৰ নেতা দুলু আহমেদৰ সম্পত্তিৰ তদন্ত দাবী দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2018 10:57 pm
DuluAhmed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুচেইনৰ আয়ৰ সৈতে সংগতিহীন সম্পত্তিৰ গোচৰৰ তদন্ত চলি থকাৰ সমান্তৰালভাৱে আজি আন এগৰাকী কংগ্ৰেছ নেতা তথা সাম্প্ৰতিক সময়ত ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি থকা এজন চতুৰ ৰাজনৈতিক নেতা দুলু আহমেদে বৃহৎ হাৰত দুৰ্নীতি কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ তুলিলে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসম নামৰ এটা সংগঠনে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই গুৰুতৰ অভিযোগেৰে এক প্ৰকাৰৰ ৰাজনৈতিক চাঞ্চল্য সৃষ্টি কৰিছে সংগঠনটোৱে।

সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়, “২০০৪ চনত দুলু আহমেদ নামৰ নেতাজনে গুৱাহাটীৰ মাজ-মজিয়াত থকা মাছখোৱাৰ পি ডব্লিউ ডি (তৰুণৰাম ফুকন) পথৰ এখন বজাৰত ব্যৱসায়ীবিলাকৰ পৰা হাটখোৱাৰ মাচুল উঠাইছিল। দৈনিক প্ৰত্যেক ব্যৱসায়ীৰ পৰা ৫০ টকাকৈ হাটখোৱা মাচুল উঠোৱাৰ কাম কৰিছিল।”

তেওঁ লগতে কয় যে এই ব্যৱসায়ৰ পৰাই আহমেদে লাভ হোৱা ধনখিনি বেপাৰীসকলক ১০ শতাংশ হাৰত সুদলৈ দিছিল। কিন্তু এই সুদৰ পৰা পোৱা ধনেৰেই তেওঁ কংগ্ৰেছৰ পৰা টিকট কিনিব পৰা নেতা হ’লগৈ।

“শেহতীয়াভাৱে তেওঁ ফ্লেটৰ ব্যৱসায় কৰি আছে।” বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয় যে এই ফ্লেট কাৰবাৰত তেওঁ অসমৰ বিভিন্ন মানুহক ঠগ-প্ৰৱঞ্চনা কৰি লুট-পাত চলাই আছে।

আনহাতে দুলু আহমেদে পূৰ্বৰ গোচৰবিলাকৰ পৰা নিজকে বচাবৰ বাবে তেওঁৰ প্ৰকৃত নাম সলাই লোৱাৰ অভিযোগ তুলি তেওঁ কয়, “পূৰ্বতে দুলু আহমেদৰ নাম আছিল জাহানুদ্দিন আহমেদ। হাটখোৱা উঠোৱা কামটো কৰি থকা সময়ত তেওঁক জাহানুদ্দিন নামেৰে পৰিচিত আছিল।”

“তেওঁ ৪০০ বেপাৰীক উক্ত বজাৰখনত অবৈধভাৱে বহুৱাইছিল। ২০০৪ চনত পি ডব্লিউ ডিত থকা এই বজাৰখন বহাবৰ বাবে প্ৰশাসনে কোনো অনুমতি দিয়া নাছিল, এই কথা আমি আৰ টি আই কৰি গম পাইছো।” গগৈয়ে সংবাদমেলত কয়।

Dulu_Property
দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমে দিয়া দুলু আহমেদৰ সম্পত্তিৰ তালিকাখন।

আনহাতে মাছখোৱাৰ একাংশ সচেতন লোকে বজাৰখন অবৈধভাৱে স্থাপন কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে গোচৰ দিয়া বুলি উল্লেখ কৰাৰ লগতে কয় “কংগ্ৰেছৰ আমোলত আৰক্ষীৰ বহু উচ্চ পৰ্য্যায়ৰ বিষয়াক মেনেজ কৰি তেওঁ গোচৰবোৰ নাইকিয়া কৰিছিল।”

“দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ভূমিকা লোৱা অসম চৰকাৰে দুৰ্নীতিৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছে,” -এনেদৰে কৈ লগতে তেওঁ কয়,  “অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়া এই নেতাজনৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছো। কাইলৈ আমি তেওঁৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত এক গোচৰ ৰুজু কৰিম।”

ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে হোটেল প্লাজাৰ তলৰ মহলাটো অবৈধভাৱে দখল কৰাৰ বাবে ভাঙি পেলাইছে বুলি সংবাদমেলত উল্লেখ কৰে গগৈয়ে।

আনহাতে বাবুল চৌধুৰী নামৰ দুলু আহমেদৰ লগৰ এজন ফ্লেট ব্যৱসায়ৰ সৈতে জড়িত সতীৰ্থই দীনদয়াল চৌধুৰী নামৰ লোক এজনৰ পৰা ফ্লেট বিক্ৰী কৰাৰ নামত ৮৫ লাখ টকা আনিছিল যদিও বৰ্তমানলৈকে কোনো ফ্লেট দিয়া নাই বুলি তেওঁ উল্লেখ কৰাৰ লগতে কয়, “১৭ মে’ ২০১৫-তে এই ফ্লেট লোৱাৰ বাবে চুক্তি স্বাক্ষৰিত কৰিছিল যদিও আজি পৰ্য্যন্ত ফ্লেটটো প্ৰদান নকৰিলে।”

লক্ষণীয়ভাৱে দুলু আহমেদে দীনদয়ালক ফ্লেটটো প্ৰদান কৰা হ’ব বুলি পিছুৱাই অৱশেষত তেওঁক গুলীয়াই হত্যা কৰিব বুলি ভাবুকি দিয়াত ফ্লেট বিচাৰি দুলুৰ কাষ নচপাৰ গুৰুতৰ অভিযোগ আনে ধৰ্মকান্ত গগৈয়ে।

ইয়াৰোপৰি দুলু আহমেদে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত উল্লেখ কৰিছিল যে তেওঁ ব্যক্তিগত অথবা চৰকাৰী প্ৰতিষ্ঠানৰ পদবীত নাই। “কিন্তু তেওঁ Mee Infrastructure Pvt. Ltd ৰ পৰিচালন সঞ্চালক। তেওঁ ৩ ছেপ্তেম্বৰ ২০১৪ ৰ পৰা আজি পৰ্য্যন্ত এই প্ৰতিষ্ঠানৰ সঞ্চালক পদত আছে। সঞ্চালক বুলি উল্লেখ কৰিলে তেওঁ তাৰ পৰা কৰা আয়ৰ কথা উল্লেখ কৰিব লাগিব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd