• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪ ফেব্ৰুৱাৰিৰ পৰা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্টৰ বাৰ্ষিক সাংস্কৃতিক আৰু কাৰিকৰী উৎসৱ EUPHUISM

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 8:03 pm
GIMT-Guwahati

প্ৰতীকী ছবি। জি আই এম টি, গুৱাহাটী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ অন্যতম প্রতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি আৰু একে চৌহদতে থকা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সে প্ৰতিবছৰে পতাৰ দৰে এইবাৰো ইয়াৰ বছৰেকীয়া সাংস্কৃতিক আৰু কাৰিকৰী উৎসৱ EUPHUISM অনুষ্ঠিত কৰিবলৈ ওলাইছে।

এটা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বাৰ্ষিক কাৰ্য্যসূচী হ’লেও ‘EUPHUISM’ হৈছে এনে এখন মঞ্চ, য’ৰ পৰা একোটা সুন্দৰ মনৰ জৰিয়তে সৃষ্টিশীলতাৰ সন্ধান কৰিব পাৰি।

এই বার্ষিক ক্রীড়া আৰু সাংস্কৃতিক উৎসৱৰ জৰিয়তে প্ৰতিষ্ঠান দুটাই অসমত এক সামাজিক আৰু সাংস্কৃতিক সমন্বয়ৰ ভেটি গঢ়িবলৈ প্রচেষ্টা চলাই আহিছে।

চলিত বর্ষৰ EUPHUISM উৎসৱটো অহা ১৪ ফেব্রুৱাৰিৰ পৰা আৰম্ভ হ’ব। ইয়াৰ মূল বক্তব্য হ’ল Eunoia- The way to a beautiful world.

আয়োজকৰ সূত্ৰই কয় যে এখন সৰ্বাংগসুন্দৰ পৃথিৱী গঢ়াই হ’ল মানুহৰ মহানতম কৰ্ম আৰু এই সুন্দৰ পৃথিৱীখন গঢ় লৈ উঠিব একোটা সুন্দৰ মনৰ পৰা। ইয়াৰ বাবে দৰকাৰ হয় ধ্বংসমুখী কৰ্মৰাজিক বশ কৰি সত্য আৰু সুন্দৰৰ প্রসাৰ কৰিব পৰা এক গভীৰ চিন্তাৰাজিৰ।

১৪ ফেব্রুৱাৰিৰ পৰা ১৬ ফেব্রুৱাৰিলৈ হ’ব লগীয়া সাংস্কৃতিক অনুষ্ঠানসমূহেও অসমৰ ভিন্ন প্রান্তৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীক একত্রিত কৰি সাংস্কৃতিক একাত্মতাবোধৰ জৰিয়তে প্রগতিৰ বার্তা বহন কৰিবলৈ আহ্বান জনাব বুলি আয়োজকে মন্তব্য কৰে।

আয়োজকে কয় যে বাৰেবৰণীয়া এই সাংস্কৃতিক অনুষ্ঠানত ‘EUPHUISM’-এ অসমৰ ছাত্র-ছাত্রী সকলক প্রতিভা বিকাশৰ এখন মঞ্চ দি আহিছে। লগতে আন্তঃমহাবিদ্যালয়ৰ কিছুমান কাৰিকৰী প্রতিযোগিতায়ো ‘EUPHUISM’-ৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।

১৬ ফেব্রুৱাৰি অর্থাৎ শেষ নিশাৰ মুখ্য আকর্ষণ বহু জনপ্রিয় গীতেৰে দেশ তথা বিশ্বৰ শ্রোতাক মুগ্ধ কৰিবলৈ সক্ষম হোৱা বলিউদৰ অতিকৈ চিনাকি শিল্পী ‘সিদ্ধাৰ্থ মহাদেৱন’।

উল্লেখযোগ্য যে ২০০৬ আৰু ২০০৭ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্রত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকন’লজি আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সে ডাঙৰ বৰঙনি যোগাই আহিছে।

শিক্ষাৰ ক্ষেত্রত সেৱা আগ বঢ়োৱাৰ বাদেও প্রতিষ্ঠান দুটাই বিগত সময়ছোৱাত সামাজিক প্রগতিত বাধাৰ প্রাচীৰ সৃষ্টি কৰিব পৰা কাৰক কিছুমানক চিনাক্ত কৰি সেই বিষয়বোৰত অভ্যন্তৰীণ অধ্যয়ন চলাই সমস্যাসমূহ লাঘৱ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। বাটৰ নাট, বৃক্ষৰোপণ, ৰক্তদানৰ সজাগতা শিবিৰ, দুখীয়াৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ, স্বচ্ছ ভাৰতৰ সজাগতাৰ বাবে এনড্ৰইড ম’বাইল এপ নিৰ্মাণ আদি বিভিন্ন পদক্ষেপ লোৱাৰ বাদেও শেহতীয়াকৈ ‘গড়ভঙা’ৰ দৰে কামৰূপ মহানগৰ এখন অতিকৈ পিছপৰা গাৱঁক ম’ডেল গাৱঁলৈ উন্নীত কৰিবৰ বাবে প্রকল্প হাতত লৈছে।

আয়োজকে ১৪ ফেব্রুৱাৰিৰ পৰা ১৬ ফেব্রুৱাৰিলৈকে হ’ব লগীয়া সমন্বয় আৰু প্রগতিৰ এই অনুষ্ঠান ‘EUPHUISM’-লৈ সমগ্র অসমবাসীকে আমন্ত্রণ জনাইছে। ‘EUPHUISM’ বিষয়ে বিতংকৈ জানিব বাবে অফিচিয়েল ৱেবছাইটত http://gimt-euphuism.org/ চাব পাৰিব। এই কথা জনাইছে আয়োজক সমিতিৰ হৈ ছাত্ৰ আহ্বায়ক ভৰত কলিতাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd