ঐতিহ্য আৰু পৰম্পৰাক ধৰি ৰাখি প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা জোনবিল মেলা এইবাৰ আৰম্ভ হ’ব অহা ১৮ জানুৱাৰিৰ পৰা। পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক স্বৰূপ এই মেলাখন পৰম্পৰাগতভাৱে চলি অহাৰ দৰে তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। প্রথম দিনা গোভা দেওৰজা চাৰিভাই দেওশাল শিবমন্দিৰত মাংগলিক পৰ্বৰে এই জোনবিল মেলাখনৰ প্ৰথম দিনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি হ’ব বুলি জানিব পৰা গৈছে। এই মাংগলিক কাৰ্য্যৰ পিছতে পতাকা উত্তোলনকে ধৰি অন্যান্য বহুতো কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। দুপৰীয়া ১২:০০ বজাত পাহাৰৰ জনজাতীয় লোকসকলৰ আগমন ঘটিব জোনবিল পথাৰলৈ। এই কথা উদ্যোক্তা কমিটীয়ে জানিবলৈ দিয়ে।
দিনৰ ১:৩০ বজাত গোভাৰজাৰ সৈতে সকলোৰে এক প্ৰীতিভোজ আয়োজন কৰা হৈছে য’ত বৰ্তমানৰ গোভা ৰজা দীপসিং দেওৰজা আৰু পাটনিয়া ৰজা ভদ্ৰসিং দেওৰজা উপস্থিত থাকিব। তাৰ পিছতে গোভাৰজাৰ সৈতে পাহাৰৰ মামা-মামীৰ (মেলালৈ অহা পাহাৰী জনজাতীয় লোকসকল) এক কথোপকথন অনুষ্ঠিত হ’ব।
আনহাতে ১৯ জানুৱাৰি, অৰ্থাৎ দ্বিতীয় দিনাৰ পুৱাই পাহাৰৰ পৰা অহা তিৱা, কাৰ্বি, জয়ন্তীয়া, খাচি, গাৰো জনগোষ্ঠীৰ লোকসলে ভৈয়ামৰ তিৱাসকলৰ সৈতে পৰম্পৰাগত বিনিময় প্ৰথাৰ আৰম্ভণি কৰিব।উল্লেখযোগ্য যে মেলাখনৰ মাজেৰে জীয়াই থকা তাহানিৰ সমাজত চলা দ্ৰব্য বিনিময় প্ৰথা এতিয়াও বহুতৰ বাবে কৌতূহলৰ উৎস হৈ আহিছে।
এই কাৰ্য্যসূচীৰ উদ্বোধন কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। পৰম্পৰা অনুসৰি পাহাৰীয়া লোকসকলে পাহাৰত উৎপাদিত আলু, কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা ইত্যাদি সামগ্ৰীৰ সৈতে ভৈয়ামত উৎপাদিত সান্দহ, পিঠা, মাছ, শুকান মাছ আদিৰ সাল-সলনি কৰে।
বিনিময় প্ৰথাৰ কাৰ্য্যসূচীৰ পিছতে পুৱা ৯:০০ বজাৰ পৰা সমূহীয়াভাবে জোনবিলত মাছ মৰা কাৰ্য্যসূচীৰ আৰম্ভ হ’ব।
ইয়াৰ পিছতে সেই মাছেৰে ৰজাৰ সৈতে সকলোৱে মিলি বিলৰ পাৰতে ভোজভাত খাব। সূত্ৰটোৱে কোৱা মতে ইয়াৰ পিছদিনা সকলো ৰাইজৰ বাবে এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়া হ’ব, যিটো এটা পৰম্পৰা।
সেইদিনাই দিনৰ ১১:০০ বজাৰ পৰা গোভা ৰজাৰ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি হ’ব। এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই।
২০ জানুৱাৰি অৰ্থাৎ জোনবিল মেলাৰ শেষৰ দিনা তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, জাগীৰোডৰ বিধায়ক পীয়ূষ হাজৰিকা, মৰিগাওঁ জিলাৰ উপায়ুক্ত হেমেন দাস, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৱন মান্তা আৰু মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল কাকতী উপস্থিত থাকিব।
নিশা ১১:০০ বজাত গোভাৰজাৰ বাসভৱনত অন্তিম দৰবাৰ কাৰ্য্যসূচীৰ পিছতে এই মেলাৰ সামৰণি পৰিব।