মঙলবাৰে লোকসভাৰ মজিয়াত প্ৰকাশ কৰা এক তথ্যই অসমৰ শান্তি-শৃংখলা পৰিস্থিতিৰ ফোফোলা স্বৰূপ উদঙাই দিছে। গৃহ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হন্সৰাজ গংগাৰাম আহিৰে জানিবলৈ দি কয় যে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ তথ্য অনুসৰি ২০১৪ চনৰ পৰা এতিয়ালৈ দেশত আৰক্ষীৰ হাতত ৬৭২ জন লোকৰ মৃত্যু ঘটিছে।
আচৰ্যজনক কথা যে ৬৭২ জনৰ ভিতৰত অসম, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশত আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা লোকৰ সংখ্যা হ’ল ২৪৫।
২০১০ চনত মানৱাধিকাৰ আয়োগে জাৰি কৰা নীতি নিৰ্দেশনাৰ ভিত্তিতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এই মৃত্যুৰ তথ্য প্ৰকাশ কৰে বুলি মন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত জানিবলৈ দিয়ে।
তেওঁ জনোৱা অনুসৰি আৰক্ষীৰ সংঘৰ্ষত ২০১৪-১৫ বৰ্ষত অসমত সৰ্বাধিক ৮২ জন লোকে প্ৰাণ হেৰুৱাইছে। অসমৰ পিছতে দ্বিতীয় স্থানত ২৩জন লোকৰ সংখ্যাৰে ছত্তীশগড় আৰু ২২জন লোকেৰে তৃতীয় স্থানত আছে মেঘালয়।
ইয়াৰ উপৰি ২০১৫ বৰ্ষত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত ৰুজু হোৱা ১৭৯টা মৃত্যু গোচৰৰ ভিতৰত ৪৩জন অসমৰ আৰু মেঘালয়ৰ ১৫জন লোক।
২০১৬ বৰ্ষত ১৭৯জনৰ ভিতৰতে অসমত ১৫জন লোকে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি জানিবলৈ দিয়ে।
আনহাতে ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা এইবছৰৰ ফেব্ৰুৱাৰি মাহলৈকে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ তথ্য অনুসৰি ১৩৬জন লোকৰ ভিতৰত ১৫ গৰাকী অসমৰ বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
মেঘালয়ৰ ৫০, মণিপুৰৰ ১৪ আৰু অৰুণাচল প্ৰদেশৰ ১০জন লোকে আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা বুলি মন্ত্ৰীগৰাকীয়ে লোকসভাৰ মজিয়াত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে।