• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ দুদিনীয়া ধৰ্মঘটে সমস্যাত পেলাব উত্তৰ-পূবৰ ৰাইজক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2018 10:09 am
Banker'sSalary_Hike

প্ৰতিনিধিত্বমূলক ছবি

135
VIEWS
Share on FacebookShare on Twitter

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ দুদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘট কাৰ্য্যসূচীৰ ফলত ৩০ আৰু ৩১ মে’ত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো ধৰণৰ কাম-কাজ বন্ধ হৈ থাকিব। ফলত ব্যক্তিগত খণ্ডৰ বেংকৰ সেৱা কমকৈ থকা আৰু বিশেষকৈ ৰাজহুৱা খণ্ডৰ বেংকৰ সেৱাৰ ওপৰতে ভৰসা কৰা উত্তৰ-পূবৰ গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ধৰ্মঘট আহ্বান কৰা য়ুনিয়নৰ এটা সূত্ৰই জনোৱামতে, এই সময়ছোৱাৰ ভিতৰত এ টি এমৰ সেৱাও উপলব্ধ নহ’ব পাৰে। দৰমহাকেন্দ্ৰিক বিভিন্ন দাবীতে এই ধৰ্মঘট কাৰ্য্যসূচী লোৱা বুলি য়ুনিয়নে জানিবলৈ দিছে।

উল্লেখযোগ্য যে য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।

অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে আই চি আই চি আই, এক্সিছ, এইচ্ছ ডি এফ চি, য়েছ বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।

জানিব পৰামতে, বেংক কৰ্মচাৰীসকলৰ এই দৰমহা সম্পৰ্কীয় দাবীবোৰ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত মুখ্য শ্ৰম আয়ুক্তই য়ু এফ বি য়ুৰ সৈতে আলোচনাৰ চেষ্টা কৰিছিল যদিও কেৱল ২ শতাংশহে দৰমহা বৃদ্ধিৰ প্ৰস্তাৱত য়ু এফ বি য়ু সন্মত নহ’ল। শেহতীয়া মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জীৱন ধাৰণৰ মান বজাই ৰখাৰ যি ঊৰ্ধ্বমুখী খৰচ তাৰ সৈতে ই খাপ নাখায় বাবে তেওঁলোক ইয়াত সন্মত নহ’ল।

ফলত ধৰ্মঘটৰ কাৰ্য্যসূচী এৰাই চলাৰ প্ৰচেষ্টাটো ব্যৰ্থ হয়। বৈঠকৰ সময়ত বেংক বিলাকে এতিয়া সন্মুখীন হৈ থকা ‘অনুৎপাদনশীল সম্পদ’ বা ‘আনাদায় ঋণ’ৰ বোজাৰ পৃষ্ঠভূমিটো বিবেচনা কৰিবলৈ য়ু এফ বি য়ুক অনুৰোধ কৰা হৈছিল যদিও য়ু এফ বি য়ু-এ কয় যে এইটোৰ সৈতে বেংকৰ কৰ্মচাৰীৰ দৰমহাৰ কোনো সম্পৰ্ক নাই। বেংকৰ কৰ্মচাৰীয়ে যিমান পাৰে সিমান কষ্ট কৰি আছে।

উল্লেখযোগ্য যে আগৰবাৰ ২০১২ চনত যেতিয়া ২০১২-২০১৭ সময়ছোৱাৰ বাবে বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা বঢ়োৱা হৈছিল, তেতিয়া ১৫ শতাংশ বৃদ্ধি কৰা হৈছিল।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd