দৰং জিলাত প্ৰতিটো বছৰতে ক্ৰমে ঊৰ্ধ্বগামী হৈছে নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা। শেহতীয়াকৈ ইয়াৰ প্ৰকোপ অধিক বৃদ্ধি পোৱাত সচেতন নাগৰিকসকলক অতিশয় উদ্বিগ্ন হৈ পৰা দেখা গৈছে। সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়া, সভা-সমিতি পাতি এই উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্নজনে।
আজি দৰং জিলাৰ মহিলা কোষেও উপায়ুক্তৰ কাৰ্য্যালয়ত এই বিষয়টো আলোচনা কৰিবলৈ এখন সভা অনুষ্ঠিত কৰে। মহিলা কোষৰ অধ্যক্ষাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত অংশ গ্ৰহণ কৰি জিলাৰ অতিৰিক্ত উপায়ুক্তই জিলাখনত যোৱা কেইবছৰ মানৰ ভিতৰত সংঘটিত নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধিত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে।
সভাখনত মহিলা কোষৰ সদস্যসকলৰ উপৰি ছিপাঝাৰৰ চক্ৰ বিষয়া মনালী জৈন, মঙলদৈৰ নিৰ্বাচন বিষয়া অন্তৰা গগৈ, দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যজিত নাথ, মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, আইনজ্ঞ প্ৰেমেশ্বৰ শৰ্মা, জিলা শিশু সুৰক্ষা কাৰ্য্যালয়ৰ প্ৰতিনিধি, সমাজকৰ্মী ৰশ্মিৰেখা শৰ্মা, সাংবাদিক ময়ুখ গোস্বামী উপস্থিত থাকি আলোচনাত ভাগ লয়।
জিলাখনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিগত তিনি বছৰৰ তথ্য হ’ল এনে ধৰণৰ : ২০১৫ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ১০৪৬টা, ২০১৬ চনত এই সংখ্যা ২৪০ টা বৃদ্ধি পাই হয়গৈ ১২৮৬টা, ২০১৭ চনত বৃদ্ধি পাই হয়গৈ ১৪২২টা। আনহাতে ২০১৮ চনত ফেব্ৰুৱাৰিলৈকে ৰুজু হৈছে ১৭৪টা।