অখিল গগৈৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ আজিৰ পৰা ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা ১৪ ছেপ্তেম্বৰৰ পৰা ডিব্ৰুগড়ৰ কাৰাগাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবাস খাটি থকা কৃষক নেতাজন আজিৰ বিচাৰ প্ৰক্ৰিয়াৰ সময়ত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ইমদাদ আহমেদৰ আদালতত উপস্থিত আছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যোৱা ছেপ্তেম্বৰ মাহত অখিল গগৈৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত ৰাষ্ট্ৰদ্ৰোহৰ এক গোচৰ (180/17) ৰুজু হৈছিল। মৰাণৰ এখন ৰাজহুৱা সভাত চৰকাৰে হিন্দু বাংলাদেশী জাপি দিলে অসমৰ ৰাইজে হাতত অস্ত্ৰ তুলি ল’ব বুলি মন্তব্য কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে উক্ত গোচৰৰ যোৱা ১৩ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিছিল। ৰাষ্ট্ৰদ্ৰোহ (Section 124-A) আৰু চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আহ্বান (Section 121) কৰাকে ধৰি তেওঁৰ বিৰুদ্ধে সাতটাকৈ অভিযোগ আৰোপ কৰা হৈছিল। পিছত ন্যায়িক জিম্মাত থকা অৱস্থাতে কৃষক নেতাজনৰ বিৰুদ্ধে কেইবাখনো থানাত বিভিন্নজনে দিয়া গোচৰৰ ভিত্তিত বিতৰ্কিত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। আজি অখিল গগৈৰ অধিবক্তা অনুজ ছেত্ৰীয়ে জানিবলৈ দি কয়, ‘আজিৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিহেতু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা গোচৰটোৰ ৰায় কাইলৈ গুৱাহাটীত দিয়া হ’ব, সেয়ে আমি মৰান থানাত ৰুজু হোৱা তিনিটা জামিনবিহীন গোচৰৰ বিৰুদ্ধে জামিন আবেদন নকৰিলো। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২ জানুৱাৰিত হ’ব।’

উল্লেখযোগ্য যে এতিয়ালৈকে ৫৪ জন সাক্ষীয়ে আৰক্ষীৰ আগত সাক্ষ্য দিছে। আন ছজনে দণ্ডাধীশৰ সন্মুখত তেওঁলোকৰ সাক্ষ্য লিপিবদ্ধ কৰাৰ কথা।

আনহাতে কৃষক মুক্তিৰ আন দুজন নেতা ক্ৰমে প্ৰদীপ হালৈ আৰু দেৱজিৎ বৰুৱাৰ বিৰুদ্ধেও গোচৰটোত অভিযোগনামা দাখিল কৰা হৈছে। তেওঁলোককো আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে।