অটল অতুল : সৃষ্টিনগৰৰ নিৰ্মাণৰ কাম বন্ধ নহ’লে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হ’বলৈও সাজু বিধায়ক বৰা

অতুল বৰা

‘চৰকাৰৰ দলৰ মানুহ মই, যেতিয়ালৈকে এইবোৰ চলি থাকিব, তেতিয়ালৈকে মই মাত মাতি যাম, কৰ্তৱ্য পালন কৰি যাম। চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰৰ সৈতে সংঘাত লাগিবলৈ ১ মিনিটো সময় নালাগিব, তেনেকুৱাধৰণৰ পদক্ষেপ ল’বলৈ মই সাজু আছো।‘

আজি বিধায়ক আৱাসত দিচপুৰৰ বিধায়ক অতুল বৰাই সংবাদ মেল অনুষ্ঠিত কৰি পুনৰ সৃষ্টিনগৰ নিৰ্মাণৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে।

তেওঁ লগতে কয়, ‘অৱশ্যে চৰকাৰে গা এৰা নিদিব, আশা আছে চৰকাৰে কিবা ব্যৱস্থা হাতত ল’ব।‘

আনহাতে, উক্ত সংবাদ মেলতে শাসকীয় দলৰ বিধায়ক হৈয়ো চৰকাৰক প্ৰশ্ন উত্থাপন কৰি বৰাই কয়, ‘চূণচালিত পাহাৰ খনন কাৰ্য্য চলি থকাৰ সময়ত চৰকাৰৰ কোনো এটা বিভাগ নাছিল নেকি?’

তেওঁ লগতে  ‘পূৰ্বৰ সৃষ্টি নগৰৰ নামটো সলাই একে প্ৰকল্পৰে কাম আৰম্ভ কৰিছে’ বুলি উল্লেখ কৰি কয় যে ইয়াৰ কাৰণ হৈছে সৃষ্টিনগৰ নিৰ্মাণ কৰাৰ বাবদ বৈধ কোনো কাগজ-পত্ৰ নাছিল।

‘বৈধতা নথকা কাগজ-পাতিসমূহ তেওঁলোকে ক’ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিছিল,’-বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘চৰকাৰে জিলা প্ৰশাসনৰ জৰিয়তে তদন্ত চলাই থকাৰ মাজতে কেনেকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা কিছুমান ঘৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এইটো এটা ৰহস্যজনক বিষয়।‘

‘কোনো বৈধ অনুমতি নোহোৱাকৈয়ে এনে ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিলে?’-এইদৰে প্ৰশ্ন কৰে বিধায়ক অতুল বৰাই।

চৰকাৰৰ বন বিভাগ, জিএমডিএ, জিলা প্ৰশাসন আৰু জিএমচি যদি এই নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত নাই তেন্তে তেওঁলোকে কেনেকৈ নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰিব বুলিও প্ৰশ্ন কৰে সৃষ্টিনগৰ নিৰ্মাণৰ বিৰুদ্ধে সদা সৰৱ অতুল বৰাই।

বিধায়ক হিচাপে তেওঁ বাধা দিবলগীয়া হ’ল বুলি কোৱাৰ উপৰিও তেওঁ প্ৰশ্ন কৰে যে চৰকাৰীভাৱে ব্যৱস্থাগ্ৰহণ কৰিবলগীয়া একো নাছিল নেকি?

আনহাতে, কামৰূপ জিলা প্ৰশাসনৰ ডাঙৰ ডাঙৰ চৰকাৰী বিষয়াসকলে চূণচালিত বনভোজ খাবলৈ যায় বা মাজে মাজে ফুৰিবলৈ যায় বুলি উল্লেখ কৰি তেওঁ কয়,  ‘তেওঁলোকৰ সৃষ্টিনগৰ নিৰ্মাণত নিশ্চয় অংশ আছে, সেয়েহে এইবোৰ প্ৰকল্প নিৰ্মাণ হৈ থকাৰ পাছতো তেওঁলোকে নেদেখা ভাও জুৰি আছে।‘

তেওঁ লগতে কয়, ‘চূণচালিৰ সেই অঞ্চলসমূহ সেউজ হৈ থাকিব দিব লাগে চৰকাৰে। তদুপৰি তেওঁ চৰকাৰক আহ্বান জনাই কয় যে এইবোৰ তন্ন-তন্নকৈ পৰীক্ষা কৰি দোষীক শাস্তি বিহিব লাগে।

উক্ত সংবাদমেলত ফাঁচীবজাৰৰ ব্যস্ততাপূৰ্ণ অঞ্চলত ৱাকিং জ’ন নিৰ্মাণ প্ৰসংগটো যুক্তিহীন বুলি উল্লেখ কৰাৰ লগতে বৰাই কয় যে ফাঁচিবজাৰৰ ব্যস্ত পথটো কিহৰ স্বাৰ্থত দেওবাৰৰ দিনটো ৱাকিং জ’ন কৰিবলগীয়া হ’ল সেই কথা ৰহস্যজনক। চূণচালিৰ লগতে এইবোৰ ঠাইতো প্ৰকৃতিৰ সেউজীয়া ৰূপ ধৰি ৰাখিবৰ বাবে চৰকাৰে চিন্তা কৰিব পাৰে।‘

‘ৱাকিং জ’ন নিৰ্মাণ কৰি চাৰিওফালে ফাষ্টফুডৰ দোকানসমূহ হৈছে, মানুহে তাত আহাৰ গ্ৰহণ কৰি পেট বেয়া হৈছে, সেয়েহে ৱাকিং জ’ন বন্ধ কৰিব লাগে। স্বাস্থ্য ভলে ৰাখিবলৈ খোজ কাঢ়ি যদি পেটৰ বাবে অপকাৰী ফাষ্টফুড খায়, সেইটো কেনেকুৱা কথা হ’ব?’- সংবাদ মেলত অতুল বৰাই মন্তৱ্য কৰে।

তেওঁ ফাঁচিবজাৰস্থিত পুৰণা জেইলৰ ফালে ৱাকিং জ’ন কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায়।