অনিৰুদ্ধদেৱৰ নামত অচিৰেই বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব

অসমত অচিৰেই এখন নতুন বিশ্বাবিদ্যালয় হ’ব বৈষ্ণৱ গুৰু অনিৰুদ্ধদেৱৰ নামত। এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত আয়োজিত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মহিলা পৰিষদে যৌথভাৱে আয়োজন কৰা দ্বিবাৰ্ষিক সন্মিলন ভাগ লৈ এই ঘোষণা কৰে মুখ্য মন্ত্ৰী সোণোৱালে। নিজৰ ভাষণত সোণোৱালে কয়, ‘শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিষয়ে গৱেষণামূলক অধ্যয়ন হোৱাটো সুখৰ কথা। কিন্তু তেওঁৰ বিষয়ে অধিক গৱেষণা কৰা দৰকাৰ। অসমৰ সকলো সম্প্ৰদায় কিছু কিছু ক্ষেত্ৰত ভিন্ন। আমাৰ চৰকাৰে সকলো সম্প্ৰদায়ৰ উন্নতিৰ বাবে কাম কৰিছে।’

সন্মিলনত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীজনে মটকসকলৰ বুৰঞ্জী বিষয়ক এখন গ্ৰন্থও উন্মোচন কৰে। ‘মটক বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখকদ্বয় হ’ল ড০ ভীমকান্ত বৰুৱা আৰু সুশীল কুমাৰ গগৈ। কিতাপখন উন্মোচন কৰি মুখ্য মন্ত্ৰীজনে কয় যে বুৰঞ্জীমূলক গ্ৰন্থখনে নৱপ্ৰজন্মক মটক সম্প্ৰদায়টোৰ বিষয়ে জনাত সহায় কৰিব। ‘এইটো আয়োজকসকলৰ এটা মহান পদক্ষেপ। মটক সকল অসমৰ এটা খিলঞ্জীয়া সম্প্ৰদায় আৰু অসমীয়া সম্প্ৰদায়ৰ বিকাশত তেওঁলোকৰ কঠোৰ অৱদান অনস্বীকাৰ্য্য? ‘মটক বুৰঞ্জী’ কিতাপখনে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এই সমৃদ্ধ ইতিহাসৰ বিষয়ে জনাৰ সুযোগ দিব।’ তেওঁ লগতে কয় যে প্ৰতিটো যুৱ প্ৰজন্মই তেওঁলোকৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে জানিব লাগে আৰু নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব লাগে। প্ৰতিটো নৱ প্ৰজন্মই মহান মটক ৰজা সৰ্বানন্দ সিংহৰ আদৰ্শ অনুসৰণ কৰিব লাগে, যিজনে বৃহত্তৰ অসমীয়া সমাজৰ বাবে কাম কৰিছিল।

আনহাতে মুখ্য মন্ত্ৰীজনে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো মূল সুঁতিলৈ ঘূৰি আহিবলৈ আৰু অসমীয়া সমাজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়।

আজিৰ সভাখনত মুখ্য মন্ত্ৰী সোণোৱালৰ উপৰি কৃষি মন্ত্ৰী অতুল বৰা, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, সোণাৰি সমষ্টিৰ বিধায়ক তপন গগৈ, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াও উপস্থিত আছিল।