• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপৰাধীক অপৰাধ কৰাৰ বাবে সুযোগ নিদিবলৈ জনসাধাৰণক আহ্বান আৰক্ষী আয়ুক্ত হীৰেন নাথৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2018 8:35 pm
HirenNath
134
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ভিন্ন প্ৰান্তত নাৰীজনিত অপৰাধৰ লগতে চুৰি, ডকাইতি, হত্যা ইত্যাদি বিভিন্ন অপৰাধৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই অপৰাধসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰাও দেখিবলৈ পোৱা গৈছে।

আৰক্ষীৰ ফালৰ পৰা অপৰাধীক কৰায়ত্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা বুলি আজি সংবাদ মাধ্যমত উল্লেখ কৰে আৰক্ষী আয়ুক্ত হীৰেন নাথে। লগতে মহানগৰীত সংঘটিত হোৱা চুৰি-ডকাইতিৰ সৈতে জড়িত প্ৰায়সংখ্যক অপৰাধীকে কৰায়ত্ত কৰা হৈছে বুলিও নাথে সদৰী কৰে।

এই সন্দৰ্ভত আজি আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথে সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰি কয় ‘কালি আটক কৰা ডকাইতকেইজন দুজন বিহাৰৰ আৰু এজন শিলিগুৰিৰ। পূৰ্বেও অপৰাধজনিত কাৰণত আটক হোৱা লোকসকলৰ বেছিসংখ্যকেই প্ৰধানতঃ বিহাৰ, ঝাৰখণ্ড, শিলিগুৰি তথা জলপাইগুৰিৰ পৰা অহা। আচলতে গুৱাহাটীলৈ পৰিবহণ তথা ৰেইলৰ যাতায়াত সুচল বাবেই এই লোকসকলে সুবিধা গ্ৰহণ কৰে।‘

উল্লেখযোগ্য যে ২৯ মাৰ্চত, অৰ্থাৎ কালি জি এছ ৰ’ডত অভিযান চলাই মহানগৰ আৰক্ষী তিনিজন ডকাইতক আটক কৰিবলৈ সক্ষম হৈছিল। জানিব পৰা মতে বুধবাৰে ৪ জনীয়া এটা ডকাইতৰ দলে দিন-দুপৰতে মহানগৰীৰ এ বি চি পইণ্টত ৰাকেশ ৰয় নামৰ লোকজনৰ পৰা ৬ লাখ টকাসহ কেইবাখনো চেক লুট কৰি লৈ গৈছিল। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ধৃত ডকাইতকেইজনৰ নাম শিৱ শ্বাহ, অমিত কুমাৰ আৰু ৰিচি গুৱালা ৰয়। তেওঁলোকৰ সহযোগী আন এজন ডকাইত বৰ্তমানো পলাতক অৱস্থাত আছে।

আৰক্ষী আয়ুক্তজনে জনোৱামতে বুধবাৰে ডকাইতিৰ কৌশল হিচাপে এইকেইজনে এক নতুন কৌশল অৱলম্বন কৰিছিল। তেওঁ জনোৱামতে ডকাইতকেইজনে এখন বাইকেৰে ভুক্তভোগী লোকজনক অনুসৰণ কৰি কোনো মানুহ নথকা ঠাইত পিছফালৰ পৰা পাওদাৰজাতীয় কিছু দ্ৰব্য নিক্ষেপ কৰে। তাৰ পিছতে মানুহজনৰ ভীষণ খজুৱতি হোৱাত ডকাইতকেইজনে তেওঁৰ বেগটো লৈ সেই স্থানৰ পৰা উধাও হয়।

আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পিছদিনা আৰক্ষীৰ এটা দল অভিযান চলাই দলটোৰ তিনিজন সদস্যক আটক কৰিবলৈ সক্ষম হয়।

তাৎপৰ্য্যপূৰ্ণভাৱে বুধবাৰৰ ঘটনাত জড়িত ডকাইতকেইজনে বাইকৰ নম্বৰসমূহ সলনি কৰি লোৱা বুলি তেওঁ সদৰী কৰে।

তেওঁ কয়, ‘ডকাইতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বাইকসমূহৰ বহুকেইখনৰ নম্বৰ সলনি কৰি লৈছে। এই বাইকসমূহ অসমৰ ৰেজিষ্ট্ৰেইশ্যনৰ নহয় বুলি আমি সন্দেহ কৰিছো।‘

আনহাতে, বেংকৰ তথ্য বিচাৰি অহা ফোনকল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী আয়ুক্ত নাথে কয়, ‘ইতিমধ্যে বেংকৰ পৰা তেনেকুৱাধৰণৰ তথ্য বিচাৰি ফোন নকৰে বুলি সংবাদ মাধ্যমযোগে বিজ্ঞাপন প্ৰকাশ পাইছে। গতিকে তেনেকুৱা ধৰণৰ ফোনকল আহিলে বেংকৰ তথ্য জনসাধাৰণে দিব নালাগে। কিন্তু এই দুষ্ট চক্ৰই জনসাধাৰণক কিছুমান অ’ফাৰ বা প্ৰলোভন দিয়ে, তেতিয়াই ভুক্তভোগীসকলে প্ৰলোভনত পতিয়ন গৈ একাউণ্ট নম্বৰ অথবা পানকাৰ্ডৰ নম্বৰ দি দিয়ে।‘

এই ক্ষেত্ৰত ৰাজ্যবাসীক আহ্বান জনাই নাথে কয় ‘এনেকুৱা ধৰণৰ ফোনকল আহিলে আপোনালোক প্ৰলোভিত হৈ বেংকৰ তথ্য-পাতিসমূহ প্ৰদান নকৰিব। যদি প্ৰদান কৰে তেন্তে অপৰাধকাৰীক অপৰাধ কৰাৰ বাবে সুবিধা কৰি দিয়াহে হ’ব। তদুপৰি শিক্ষিত লোকসকলৰ মাজতহে এনেধৰণৰ ভুলসমূহ কৰা দেখা যায়।‘

তদুপৰি এনেধৰণৰ অপৰাধীসকলে এবাৰ মাত্ৰ ফোন নম্বৰটো ব্যৱহাৰ কৰে তথা ভুৱা নথি-পত্ৰৰ যোগে ছিম ক্ৰয় কৰে বুলি নাথে উল্লেখ কৰে।

তাৎপৰ্য্যপূৰ্ণভেবে এনেধৰণৰ অপৰাধৰ সৈতে বিশেষকৈ ঝাৰখণ্ড, বিহাৰ ইত্যাদি বহিঃৰাজ্যৰ লোকসকলে জড়িত থকা বুলি নাথে কয়। এই সম্পৰ্কে ঝাৰখণ্ড, বিহাৰৰ আৰক্ষীৰ সৈতে আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd