• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 11:52 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড় আৰক্ষীয়ে সোমবাৰে জনাইছে ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰৰ আশে-পাশে থকা ঘন বনাঞ্চলত ‘অপাৰেচন সংকল্প’ৰ সময়ত ৩১জন সন্দেহযুক্ত মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

মাওবাদীসকলক কেতিয়া হত্যা কৰা হৈছিল সেয়া স্পষ্ট হোৱা নাই। বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে কয় যে বুধবাৰে বিজাপুৰত এখন সংবাদমেলত এই অভিযান সন্দৰ্ভত সবিশেষ জনোৱা হ’ব।

Apply Now

আৰক্ষীয়ে জনোৱা মতে, নিহত ৩১জন মাওবাদীৰ ভিতৰত ২০জনক চিনাক্ত কৰা হৈছে আৰু চিনাক্ত কৰা ২০টা মৃতদেহৰ ভিতৰত ১১টাৰ মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি পৰিয়ালক গতাই দিয়া হৈছে।

বিজাপুৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “বাকী ১১টা মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে তেওঁলোকৰ মৃতদেহো নিজ নিজ পৰিয়ালক ঘূৰাই দিয়া হ’ব।”

যোৱা ৩০ এপ্ৰিলত একেটা অভিযানতে এগৰাকী মহিলা মাওবাদী নিহত হৈছিল, যাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে ২৪ এপ্ৰিলত একেটা অঞ্চলতে তিনিগৰাকী মহিলা মাওবাদীক গুলীয়াই হত্যা কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছিল। যোৱা ২১ এপ্ৰিলৰ পৰা অঞ্চলটোত আৰম্ভ হৈছিল ‘অপাৰেচন সংকল্প’ অভিযান।

নাম প্ৰকাশ অনিচ্ছুক এজন আৰক্ষী বিষয়াই কয় যে “এতিয়ালৈকে দক্ষিণ-পশ্চিম বস্তাৰত চলি থকা নক্সাল বিৰোধী অভিযানত আমি ভাল ফলাফল লাভ কৰিছো। সকলো নিৰাপত্তা বাহিনী সুৰক্ষিত আৰু নিৰাপদ বস্তাৰ অঞ্চল নিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। বৰ্তমান এই অভিযান চলি থকাৰ বাবে নিৰাপত্তাজনিত কাৰণত এই সময়ত নিৰ্দিষ্ট সবিশেষ প্ৰকাশ কৰিব পৰা নাযাব। কৰ্তৃত্বশীল কৰ্তৃপক্ষই উপযুক্ত সময়ত অধিক তথ্য সদৰী কৰিব।”

বিষয়টোৰ সৈতে পৰিচিত লোকসকলে জনায় যে এই অভিযানত ২ লাখ ৮০ হাজাৰতকৈ অধিক সৈন্য জড়িত আছিল আৰু ২১ এপ্ৰিলৰ পৰা প্ৰায় ৩৫টা এনকাউণ্টাৰ হৈছে। এজন আৰক্ষী বিষয়াই কয় যে আমি ৪০০ৰো অধিক আই ই ডি আৰু প্ৰায় ৪০টা অস্ত্ৰৰ লগতে প্ৰায় ২ টন বিস্ফোৰক উদ্ধাৰ কৰিছো। বস্তাৰৰ অন্যতম বৃহৎ অভিযান বুলি অভিহিত এই অভিযানত ছত্তীশগড় আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), বস্তাৰ ফাইটাৰ, বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু ইয়াৰ শক্তিশালী কোব্ৰা ইউনিটকে ধৰি বিভিন্ন ইউনিটৰ প্ৰায় ২৮ হাজাৰ জোৱান জড়িত হৈ আছে।

তেলেংগানা ৰাজ্যিক সমিতিৰ সদস্য আৰু গুৰুতৰ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ‘১ নং বেটেলিয়ন’ৰ সদস্যকে ধৰি শীৰ্ষ মাওবাদী নেতাৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই বাহিনীটোৱে এই অভিযান চলায়। এই নেতাসকলক মাওবাদীৰ আটাইতকৈ শক্তিশালী সামৰিক শাখাৰ অংশ হিচাপে গণ্য কৰা হয়।

আৰক্ষীৰ মতে, কাৰেগুটা পাহাৰীয়া অঞ্চলটোৱে বেটেলিয়নটোৰ দুৰ্গ হিচাপে কাম কৰে। চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অভিযানৰ সময়ত কেইবাজনো জ্যেষ্ঠ কেডাৰ নিহত বা গুৰুতৰভাৱে আহত হয়।

এতিয়ালৈকে শতাধিক মাওবাদীৰ ঘাটি আৰু বাংকাৰ ধ্বংস কৰা হৈছে আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক, ডিটনেটৰ, খাদ্য সামগ্ৰী আৰু নিত্য ব্যবহাৰ্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

ইপিনে, পৃথকে পৃথকে আই ই ডি বিস্ফোৰণত এছ টি এফ, ডি আৰ জি আৰু কোব্ৰা ইউনিটৰ ৬ গৰাকী নিৰাপত্তাৰক্ষী আহত হয় যদিও তেওঁলোকৰ অৱস্থা বিপদমুক্ত বুলি জানিব পৰা গৈছে। শেহতীয়া অভিযানৰ জৰিয়তে চলিত বৰ্ষত ছত্তীশগড়ত বিভিন্ন সংঘৰ্ষত ১৬৮জন মাওবাদী নিহত হৈছে। ইয়াৰে ১৫১ জনক বস্তাৰ সংমণ্ডলত নিঃশেষ কৰা হৈছে, য’ত বিজাপুৰকে ধৰি ৭খন জিলা অন্তৰ্ভুক্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd