অবৈধ নিৰ্মাণৰ ওপৰত নিষেধাজ্ঞা আৰোপ শোণিতপুৰ জিলা প্ৰশাসনৰ

tezpur

তেজপুৰ চহৰৰ প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ-বৈচিত্ৰ আৰু পৰিৱেশ নষ্ট কৰা অবৈধ নিৰ্মাণ কাৰ্য ৰোধ কৰাৰ বাবে  জিলা প্ৰশাসনে শেহতীয়াভাৱে বিহিত ব্যৱস্থা হাতত লৈছে।  শোণিতপুৰ জিলাৰ দণ্ডাধীশৰ তৰফৰ পৰা বৃহস্পতিবাৰে জাৰী কৰা এটা নিৰ্দেশযোগে তেজপুৰৰ কেতবোৰ এলেকাত চলি থকা অবৈধ নিৰ্মাণৰ ওপৰত  নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নিৰ্দেশটোত কোৱা হৈছে যে দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫ৰ অধীনত আইন অমান্য কৰি অবৈধ নিৰ্মাণ কাৰ্য কৰাসকলৰ বিৰুদ্ধে ফৌজদাৰী মকৰ্দমা তৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বৃহস্পতিবাৰে জাৰী কৰা এক নিৰ্দেশযোগে শোণিতপুৰৰ জিলা দণ্ডাধীশ মনোজ কুমাৰ ডেকাই কৈছে যে তেজপুৰ চহৰৰ কিছুমান দ’ ঠাই আৰু জলাহভূমিত হৈ অহা অবৈধ নিৰ্মাণ কাৰ্যৰ বাবে ঐতিহাসিক তেজপুৰৰ নগৰৰ সৌন্দৰ্য ম্লান হৈ পৰিছে।

বৃহস্পতিবাৰৰ আদেশটোত কোৱা হৈছে, ’সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমতি অবিহনে তেজপুৰ চহৰৰ দ’ ঠাই আৰু জলাহভূমিত কোনো ব্যক্তিয়ে নিৰ্মাণকাৰ্য কৰিব নোৱাৰিব।‘

নিৰ্দেশটোত আৰু কোৱা হৈছে,  ‘ পৰৱৰ্তী নিৰ্দেশ জাৰী নকৰালৈকে প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ-বৈচিত্ৰ আৰু পৰিৱেশ বিনষ্ট হোৱা সকলো নিৰ্মাণকাৰ্য দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫ৰ  ২৬(২), ৩০(২) আৰু ৩৪ ধাৰাৰ অধীনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিষেধ কৰা হৈছে।

নিৰ্মাণকাৰ্য চলোৱাৰ বাবে অনুমতি প্ৰদান কৰাৰ এক্তিয়াৰ থকা তেজপুৰ পৌৰসভা আৰু তেজপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণকো এই নিৰ্দেশটোৰ জৰিয়তে তৎকালীনভাৱে বলৱৎ হোৱাকৈ এনেধৰণৰ অনুমতি পৰ্দান কৰাৰ পৰা বিৰত থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
নিৰ্দেশটোত কোৱা হৈছে যে এই নিৰ্দেশটো অমান্য কৰাসকলৰ বিৰুদ্ধে দুৰ্যোগ আইন-২০০৫ৰ ৫১ আৰু ৫৮ৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।