অভয়াপুৰীত চলন্ত ৰে’লত জঁপিয়াই উঠোতেই পিছলি পৰি চি আৰ পি এফৰ জোৱানৰ মৃত্যু

বঙাইগাঁও জিলাৰ অভয়াপুৰী ৰেল ষ্টেচনত আজি এখন চলন্ত ৰেলত জঁপিয়াই উঠিবলৈ গৈ এগৰাকী চিআৰপিএফ জোৱানে মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গনেশপুৰৰ নিবাসী মহম্মদ আলী(৫১) নামৰ চিআৰপিএফৰ জোৱানজনে ছুটীলৈ নিজ ঘৰলৈ অহাৰ পিছত আজি কৰ্মস্থলী ডিমাপুৰলৈ উভতি যাবলৈ অভয়াপুৰী ৰে’ল ষ্টেচনত ৰে’লৰ বাবে ৰৈ আছিল।

কিন্তু দুৰ্ভাগ্যৱশত চলন্ত ৰেলখনত দৌৰি উঠিবলৈ চেষ্টা কৰোতে জোৱানজন পিছলি পৰাত ৰেলখনে জোৱানজনক মহতিয়াই নিয়ে। ফলত জোৱানজনৰ শৰীৰ ছিন্ন-ভিন্ন হৈ পৰাত জোৱানজনে থিতাতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু ৰেলবিভাগৰ লোক উপস্থিত হৈ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ জোৱানজনৰ এনে আকস্মিক মৃত্যুৱে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।