অমিত শ্বাহৰ বিৰুদ্ধে হত্যা, শোষণ, দুৰ্নীতিৰ অভিযোগ : ভঙাগড় থানাত অসম ৰাজ্যিক এন এছ য়ু আইৰ গোচৰ

NSUI

গুৱাহাটীত অমিত শ্বাহৰ প্ৰতিকৃতি দাহেৰে বিৰুদ্ধে এন এছ য়ু আইৰ অসম ৰাজ্যিক সমিতিৰ প্ৰতিবাদ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে হত্যা, শোষণ আৰু দূৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ ছাত্ৰ সংগঠন নেশ্যনেল ষ্টুডেণ্ট য়ুনিয়ন অব ইণ্ডিয়া, চমুকৈ এন এছ য়ু আয়ে। এই অভিযোগেৰে মঙলবাৰে সমগ্ৰ দেশজুৰি এন এছ য়ু আয়ে শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

গুৱাহাটীতো সংগঠনটোৰ অসম ৰাজ্যিক সমিতিয়ে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইয়াৰ পূৰ্বে এন এছ য়ু আইৰ অসম ৰাজ্যিক সমিতিয়ে ৰাজীৱ ভৱনৰ সন্মুখত অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এন এছ য়ু আইৰ অভিযোগ, “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজনৈতিক শক্তি প্ৰদৰ্শনেৰে সংবিধানক হাতৰ মুঠিত ৰাখি চৰকাৰী ক্ষমতাৰ অপপ্ৰয়োগ কৰি আছে।”

সংগঠনটোৱে লগতে কয়, “অমিত শ্বাহে হত্যা, শোষণ আৰু দুৰ্নীতিৰ অপৰাধত কাৰাগাৰত থকাৰ পৰিৱৰ্তে ক্ষমতাৰে বলিয়ান হৈ নিজকে ‘চাণক্য’ আৰু ‘মাষ্টাৰ ষ্ট্ৰেটেজিষ্ট’ বুলি পৰিচয় দি আছে।”

অমিত শ্বাহ গুজৰাট চৰকাৰৰ গৃহ মন্ত্ৰী হৈ থকাৰ সময়ত ২০০৫ চনৰ ২৬ নৱেম্বৰত সংঘটিত চৰহাবুদ্দিন শ্বেইখ নামৰ লোকজনৰ হত্যাকাণ্ডত তেওঁৰ নাম সাঙোৰ খাই পৰাৰ প্ৰসংগ উত্থাপন কৰে এন এছ য়ু আয়ে। এই ঘটনাৰ সাক্ষীক ভীতি প্ৰদৰ্শনেৰে তেওঁৰ বিৰুদ্ধে সাক্ষ্য নিদিয়াৰ বাবেও বাধ্য কৰোৱা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

ইয়াৰ লগতে চি বি আইৰ বিশেষ আদালতত এই গোচৰটোৰ বিচাৰ চলাই থকা ন্যায়াধীশ ব্ৰীজগোপাল হৰিকৃষ্ণাণ লয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাতো অমিত শ্বাহ মুখ্য অভিযুক্ত বুলি দাবী কৰে এন এছ য়ু আয়ে।

ইয়াৰ উপৰি, সংগঠনটোৱে অমিত শ্বাহ গুজৰাটৰ গৃহ মন্ত্ৰী হৈ থকা কালত বিভিন্ন ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ লগতে এগৰাকী মহিলাৰ গোপনীয়তা ৰক্ষাতো হস্তক্ষেপ কৰা বুলি অভিযোগ কৰে।

এন এছ য়ু আয়ে লগতে ২০১৬ চনৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণ হোৱাৰ সময়ত ৮ ৰ পৰা ১৩ নৱেম্বৰলৈ অমিত শ্বাহ সঞ্চালক হিচাপে দায়িত্বত থকা আহমেদাবাদ ডিষ্ট্ৰিক্ট ক’-অপাৰেটিভ বেংকত ৭৪৫.৫৯ কোটি টকা জমা হোৱা বিষয়টোৰো তদন্ত দাবী কৰে।