অমৰ শৰ্মাৰ মৃতদেহ তেজপুৰৰ ঘৰলৈ অনাৰ পিছতে অপৰাধীৰ শাস্তিৰ দাবীত উত্তপ্ত হয় পৰিস্থিতি

অমৰ

শুকুৰবাৰে গুৱাহাটীৰ হায়াত হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা অমৰ শৰ্মাৰ মৃতদেহ আজি তেজপুৰৰ চানমাৰিৰ লালমাটিৰ নিজা বাসগৃহত আহি পোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অঞ্চলটোৰ উত্তেজিত ৰাইজ আৰু অমৰ শৰ্মাৰ পৰিয়ালৰ লোকে অমৰ শৰ্মাক অগ্নি সংযোগ কৰা বুলি অভিযোগ উত্থাপিত হোৱা যুৱতী তথা শৰ্মাৰ প্ৰাক্তন প্ৰেমিকাৰ ঘৰত শৰ্মাৰ মৃতদেহ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ খুজিছিল যদিও আৰক্ষীয়ে এই কাৰ্যত বাধা প্ৰদান কৰে।

উত্তেজিত ৰাইজে ইমানতে ক্ষান্ত নাথাকি শৰ্মাৰ প্ৰেমিকাৰ গৃহলৈ শিলগুটি নিক্ষেপ কৰি লণ্ড-ভণ্ড কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে বৰ্তমান ন্যায়িক জিন্মাত থকা যুৱতী গৰাকী তথা প্ৰেমিকা গৰাকীক ফাঁচি দিয়াৰ দাবী জনাই অঞ্চলটোত মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ২০ এপ্ৰিলৰ দিনা অমৰ শৰ্মাক যুৱতী গৰাকীয়ে যুৱতী গৰাকীৰ প্ৰেমিকৰ সহায়ত অগ্নি সংযোগ কৰিছিল। পিছত স্থানীয় ৰাইজ আৰু সহায়ত শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ অৱস্থাত এটা নলাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। পিছত অৱস্থা সংকটজনক হোৱাৰ বাবে গুৱাহাটীৰ হায়াত হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও ২৭ এপ্ৰিলত শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।