• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2024 7:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ বা আৰ এছ এছ সন্দৰ্ভত বিজেপিৰ সভাপতি জে পি নাড্ডাই কৰা এক মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে এক সাক্ষাৎকাৰত নড্ডাই কয়, ‘বিজেপি এতিয়া আগৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়। দলটো এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় দিছে। নিজৰ শক্তিৰে আগবাঢ়ি যাব বিজেপি।‘

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাজনৈতিক সংগঠন হিচাপে ১৯৮০ চনত বিজেপিয়ে যাত্ৰা আৰম্ভ কৰিছিল। সেই সময়ত অটল বিহাৰী বাজপেয়ী, এল কে আদৱানীৰ পৰা আজিৰ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ আৰ এছ এছৰ হাত ধৰিয়েই ৰাজনৈতিক জীৱনত যোগদানৰ সূচনা হৈছিল।

এই সংগঠনটোৱে হিন্দু জাতীয়তাবাদত বিশ্বাস কৰে আৰু ভাৰতক হিন্দুৰ ভূমি বুলি দাবী কৰি আহিছে। সংগঠনটোৰ চূড়ান্ত লক্ষ্য ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা। বিজেপি এই সংগঠনৰ মতাদৰ্শৰ দ্বাৰা পৰিচালিত। কোৱা হয় আৰ এছ এছ বিজেপিৰ অভিভাৱক। বিজেপি আৰু তেওঁলোকৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আৰএছএছৰ মতামত লয়।

Apply Now

লগতে পঢ়কঃ ৰয়েল চেলেঞ্জাৰ্ছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন! স্তব্ধ হ’ল ধোনীৰ ধুন; প্লে অফ্‌ নিশ্চিত কৰিলে কোহলীবাহিনীয়ে

তেওঁলোকৰ ঘোষিত কাৰ্যসূচী অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, সংবিধানত কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ ৩৭০ অনুচ্ছেদৰ অন্ত পেলোৱা আৰু অভিন্ন নাগৰিক সংহিতা (UCC) প্ৰৱৰ্তন, যাৰ বহুকেইটা মোডী চৰকাৰে কাৰ্যকৰী কৰিছে। এই পৰ্যায়ত নাড্ডাই দলৰ সভাপতিও আছিল। বিগত কেইবছৰমানৰ দৰেই বিজেপিৰ ইস্তাহাৰত অভিন্ন নাগৰিক সংহিতা প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। সচেতন মহলে অনুভৱ কৰে যে লোকসভাত ৪০০খন আসনৰ লক্ষ্য পূৰণ হ’লেহে সমগ্ৰ দেশতে অভিন্ন নাগৰিক সংহিতা প্ৰৱৰ্তন কৰিব পৰা যাব।

নাড্ডাৰ এই বক্তব্যক ৰাজনৈতিক মহলে দুটা ধৰণে ব্যাখ্যা কৰিব বিচাৰিছে। এটা পক্ষৰ মতে দলৰ সাফল্যক বিবেচনা কৰি বিজেপিৰ সভাপতিগৰাকীয়ে আৰএছএছৰ ওপৰত নিৰ্ভৰশীলতাক তুচ্ছজ্ঞান কৰিব বিচাৰিছে। আনহাতে, আনটো পক্ষৰ মতে নাড্ডাই আচলতে নৰেন্দ্ৰ মোডীক সন্তুষ্ট কৰিব বিচাৰিছে।

মোডীৰ দিনতে আৰ এছ এছৰ বহুদিনীয়া দাবী পূৰণ হৈছে। সেইবাবেই মোদীয়ে চৰকাৰৰ সফলতাক উজ্জ্বল কৰি তুলিবলৈ আৰ এছ এছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে।

লগতে পঢ়কঃনিৰ্বাচন আয়োগক ভোটদানৰ পৰিসংখ্যা দিয়াত পলম কৰাৰ বাবে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

কাকতলীয়াভাৱে নাড্ডাই আৰ এছ এছৰ নিৰ্ভৰশীলতাৰ কথা কোৱাৰ সময়তে মুম্বাইত শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই কয় যে মোডী পুনৰ ক্ষমতালৈ আহিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অস্তিত্বও বিপন্ন হ’ব। নৰেন্দ্ৰ মোদীয়ে সেই সংগঠনটোকো ভুৱা হিন্দুত্ব বুলি কৈ দিব পাৰে।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিছত বিজেপিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব নাড্ডাই। যোৱা বছৰ তেওঁৰ সভাপতি হিচাপে কাৰ্যকাল শেষ হৈছিল। লোকসভা নিৰ্বাচনৰ বাবে তেওঁক মাজতে সলনি কৰা হোৱা নাছিল। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে দাবী কৰে যে দলটো এতিয়া আগৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰসংগক্ৰমে অহা বছৰৰ ছেপ্টেম্বৰ মাহত আৰ এছ এছে এশ বছৰ সম্পূৰ্ণ কৰিব।

লগতে পঢ়কঃ বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে

সাক্ষাৎকাৰটোত নাড্ডাই আন এক গুৰুত্বপূৰ্ণ কথাও কৈছে। বিশ্ব হিন্দু পৰিষদৰ ছত্ৰছায়াত কেইবাটাও সংগঠনে বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদ আঁতৰোৱাৰ দাবীত আইনী যুঁজ অব্যাহত ৰাখিছে। নাড্ডাই কয় যে সেই দুটা স্থানত মন্দিৰ-মছজিদ বিবাদক লৈ বিজেপিৰ কোনো কাৰ্যসূচী নাই। এই বিষয়ত দলটোত আলোচনা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd