অল দেট ব্ৰেথছ্

চিনেমাৰ খবৰ ৰখাসকলৰ বাবে আজিৰ এই তথ্যচিত্ৰখনিৰ নামটো নিশ্চয়কৈ অপৰিচিত নহয়। হয়, আজিৰ এই তথ্যচিত্ৰ খনি ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ৯৫সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ডকুমেন্টৰী(ফিচাৰ)শাখালৈ ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে মনোনীত হোৱা তথ্যচিত্ৰখনৰ বিষয়েই আজিৰ এই লিখা। অৱশ্যে মূল প্ৰতিযোগিতাতনভেনলীয়ে এই বঁ‌টা লাভ কৰিবলৈ সক্ষম হয়। অল দেট ব্ৰেথছ্ তথ্যচিত্ৰখনিক বাস্তৱৰ সম্পূৰ্ণ সঁ‌চা অংশৰ চিত্ৰায়ণেৰে তুলি ধৰিছে পৰিচালক শ্বৌনক সেনে। ২০২২ চনত চাণ্ডেঞ্চ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা এই তথ্যচিত্ৰখনে সেই মহোৎসৱত গ্ৰেণ্ড জুৰিৰ শ্ৰেষ্ঠ বিশ্ব তথ্যচিত্ৰৰ বঁ‌টা লাভ কৰিছিলে। তদুপৰি,গত বৰ্ষৰ কাঁ‌ চলচ্চিত্ৰ মহোৎসৱতোগল্ডেন আইবঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিলে। দৰ্শকৰ বাবে ছবিখন বৰ্তমান ডিজনী হটষ্টাৰত উপলব্ধ।

পুৰণি দিল্লীৰ বাসিন্দা দুই ভাতৃনাদিম শ্বেহজাদ আৰু মহম্মদ শ্বউদে গত ২০ বছৰজুৰি ঈগল চৰাইৰ উদ্ধাৰ, ৰক্ষণ,সংৰক্ষণ আৰু চিকিৎসাআপদালক অহৰহ চলাই অহা যাত্ৰাৰ বিষয়ে জানি আকৰ্ষিত হৈয়েই পৰিচালক শ্বৌনক সেনে এই যাত্ৰাক তথ্যচিত্ৰৰ ৰূপ দিয়ে। তথ্যচিত্ৰৰ আৰম্ভণি ঘটে অস্পষ্টৰূপত লোৱা এটি দীঘলীয়া শ্বটেৰে,যাৰ শেষ হয় উজ্জ্বল পোহৰৰ দ্যুতিত। এই দৃশ্যাংশই প্ৰতীকীৰূপত তথ্যচিত্ৰখনিৰ এক সামগ্ৰিক আভাস দিয়ে। পূৰ্বে উল্লেখ কৰাৰ দৰেই দিল্লীস্থ দুই ভাতৃৰ লগত পৰৱৰ্তী সময়ত ঈগল উদ্ধাৰৰ অভিযানত সক্ৰিয়ভাৱে লাগি থকা কনিষ্ঠ ভাতৃ চালিকৰ দৈনন্দিন জীৱনচৰ্যাক প্ৰদৰ্শনৰ মাজেৰে তথ্যচিত্ৰখনি আগুৱাই। দিল্লীৰ ভয়াবহ প্ৰদূষণৰ প্ৰভাৱত ভিন্নধৰণে ক্ষতিগ্ৰস্ত আৰু আঘাতপ্ৰাপ্ত হোৱা ঈগলবোৰক উদ্ধাৰ কৰাৰ পৰা আৰম্ভ কৰি,প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ লগতেই খাদ্যআশ্ৰয় দি প্ৰতিপাল কৰালৈকে সকলো কৰে তেওঁ‌লোকে। তেওঁ‌লোকৰ জীৱনচৰ্যা ঈগল কেন্দ্ৰীক। আৰম্ভণিৰে পৰাই,অল দেট ব্ৰেথছ্ ৰ আটাইতকৈ ভাল লগা অংশটো হৈছেবেন বাৰ্ণহাৰ্ড আৰু ৰিজু দাসৰ আলোকশিল্পৰ কাম।

সমগ্ৰ তথ্যচিত্ৰখনিতেই কেমেৰাৰ ভিন্ন এংগলৰ লগতে,পানীত প্ৰতিফলনৰ কিছু দৃশ্যাংশ অনবদ্যৰূপত তুলি ধৰিছে। নেপথ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি পৰিবেশন চলি থকা অৱস্থাত গছপাতৰ ওপৰেদি গতি কৰি থকা পৰুৱাৰ দৃশ্যাংশ মনোগ্ৰাহী। সাধৰণ ঘৰুৱা কথোপকথনৰ লগতেই,কিছু কিছু অংশত নেপথ্যত দুই ভাতৃৰ সম্পূৰ্ণ সুস্থিৰ কন্ঠত তেওঁ‌লোকৰ যাত্ৰাৰ কথন চলি থাকে। এইখিনিতেই ২০২০ ৰ সাম্প্ৰদায়িক হিংসা,কৃত্ৰিম বান,আৰ্থিক সংকট সকলোবোৰ নেওচিও ঈগল উদ্ধাৰৰ এই যাত্ৰা দুই ভাতৃয়ে এৰি নিদিয়ে। তথ্যচিত্ৰখনিৰ আন দুটি খুবেই ভাল লগা দিশ হৈছেসম্পাদনা আৰু আৱহসংগীত। ৰজাৰ গৌলাৰ আৱহসংগীত পৰিস্থিতি সাপেক্ষ। আনহাতে,চাৰ্লট মাঞ্চ বেঙষ্টেনৰ সম্পাদনাৰ পৰিপক্ক ৰূপটি সমগ্ৰ তথ্যচিত্ৰখনতেই চকুত পৰে।

২০বছৰত ২০,০০০ঈগলক সুস্থ কৰি তোলা এই ভাতৃ দুজনৰ নিৰলস প্ৰচেষ্টাক এক সম্পূৰ্ণ চিনেমেটিক ৰূপ দিয়া হৈছে। তেওঁ‌লোকৰ মতে-“দিল্লী এক বৃহৎ ঘাঁ‌,আৰু ইয়াত আমি মাথোঁ বেণ্ডএইড লগোৱাৰ কাম হে কৰি আছো। উশাহ লৈ থকা সকলো জীৱৰ সমান অধিকাৰঅল দেট ব্ৰেথছ্ ৰ অন্তৰ্নিহিত বিশ্বাস। অন্তিম শ্বটটিও অৰ্থৱহ তথা প্ৰশংসনীয়।