• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

অল দেট ব্ৰেথছ্

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 31, 2023 8:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাৰ খবৰ ৰখাসকলৰ বাবে আজিৰ এই তথ্যচিত্ৰখনিৰ নামটো নিশ্চয়কৈ অপৰিচিত নহয়। হয়, আজিৰ এই তথ্যচিত্ৰ খনি ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ৯৫সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ডকুমেন্টৰী(ফিচাৰ)শাখালৈ ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে মনোনীত হোৱা তথ্যচিত্ৰখনৰ বিষয়েই আজিৰ এই লিখা। অৱশ্যে মূল প্ৰতিযোগিতাত“নভেনলী“য়ে এই বঁ‌টা লাভ কৰিবলৈ সক্ষম হয়। অল দেট ব্ৰেথছ্ তথ্যচিত্ৰখনিক বাস্তৱৰ সম্পূৰ্ণ সঁ‌চা অংশৰ চিত্ৰায়ণেৰে তুলি ধৰিছে পৰিচালক শ্বৌনক সেনে। ২০২২ চনত চাণ্ডেঞ্চ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা এই তথ্যচিত্ৰখনে সেই মহোৎসৱত গ্ৰেণ্ড জুৰিৰ শ্ৰেষ্ঠ বিশ্ব তথ্যচিত্ৰৰ বঁ‌টা লাভ কৰিছিলে। তদুপৰি,গত বৰ্ষৰ কাঁ‌ চলচ্চিত্ৰ মহোৎসৱতো“গল্ডেন আই“বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিলে। দৰ্শকৰ বাবে ছবিখন বৰ্তমান ডিজনী হটষ্টাৰত উপলব্ধ।

পুৰণি দিল্লীৰ বাসিন্দা দুই ভাতৃ–নাদিম শ্বেহজাদ আৰু মহম্মদ শ্বউদে গত ২০ বছৰজুৰি ঈগল চৰাইৰ উদ্ধাৰ, ৰক্ষণ,সংৰক্ষণ আৰু চিকিৎসা–আপদালক অহৰহ চলাই অহা যাত্ৰাৰ বিষয়ে জানি আকৰ্ষিত হৈয়েই পৰিচালক শ্বৌনক সেনে এই যাত্ৰাক তথ্যচিত্ৰৰ ৰূপ দিয়ে। তথ্যচিত্ৰৰ আৰম্ভণি ঘটে অস্পষ্টৰূপত লোৱা এটি দীঘলীয়া শ্বটেৰে,যাৰ শেষ হয় উজ্জ্বল পোহৰৰ দ্যুতিত। এই দৃশ্যাংশই প্ৰতীকীৰূপত তথ্যচিত্ৰখনিৰ এক সামগ্ৰিক আভাস দিয়ে। পূৰ্বে উল্লেখ কৰাৰ দৰেই দিল্লীস্থ দুই ভাতৃৰ লগত পৰৱৰ্তী সময়ত ঈগল উদ্ধাৰৰ অভিযানত সক্ৰিয়ভাৱে লাগি থকা কনিষ্ঠ ভাতৃ চালিকৰ দৈনন্দিন জীৱনচৰ্যাক প্ৰদৰ্শনৰ মাজেৰে তথ্যচিত্ৰখনি আগুৱাই। দিল্লীৰ ভয়াবহ প্ৰদূষণৰ প্ৰভাৱত ভিন্নধৰণে ক্ষতিগ্ৰস্ত আৰু আঘাতপ্ৰাপ্ত হোৱা ঈগলবোৰক উদ্ধাৰ কৰাৰ পৰা আৰম্ভ কৰি,প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ লগতেই খাদ্য–আশ্ৰয় দি প্ৰতিপাল কৰালৈকে সকলো কৰে তেওঁ‌লোকে। তেওঁ‌লোকৰ জীৱনচৰ্যা ঈগল কেন্দ্ৰীক। আৰম্ভণিৰে পৰাই,অল দেট ব্ৰেথছ্ ৰ আটাইতকৈ ভাল লগা অংশটো হৈছে–বেন বাৰ্ণহাৰ্ড আৰু ৰিজু দাসৰ আলোকশিল্পৰ কাম।

Apply Now

সমগ্ৰ তথ্যচিত্ৰখনিতেই কেমেৰাৰ ভিন্ন এংগলৰ লগতে,পানীত প্ৰতিফলনৰ কিছু দৃশ্যাংশ অনবদ্যৰূপত তুলি ধৰিছে। নেপথ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি পৰিবেশন চলি থকা অৱস্থাত গছপাতৰ ওপৰেদি গতি কৰি থকা পৰুৱাৰ দৃশ্যাংশ মনোগ্ৰাহী। সাধৰণ ঘৰুৱা কথোপকথনৰ লগতেই,কিছু কিছু অংশত নেপথ্যত দুই ভাতৃৰ সম্পূৰ্ণ সুস্থিৰ কন্ঠত তেওঁ‌লোকৰ যাত্ৰাৰ কথন চলি থাকে। এইখিনিতেই ২০২০ ৰ সাম্প্ৰদায়িক হিংসা,কৃত্ৰিম বান,আৰ্থিক সংকট সকলোবোৰ নেওচিও ঈগল উদ্ধাৰৰ এই যাত্ৰা দুই ভাতৃয়ে এৰি নিদিয়ে। তথ্যচিত্ৰখনিৰ আন দুটি খুবেই ভাল লগা দিশ হৈছে–সম্পাদনা আৰু আৱহ–সংগীত। ৰ‘জাৰ গৌলাৰ আৱহ–সংগীত পৰিস্থিতি সাপেক্ষ। আনহাতে,চাৰ্লট মাঞ্চ বেঙষ্টেনৰ সম্পাদনাৰ পৰিপক্ক ৰূপটি সমগ্ৰ তথ্যচিত্ৰখনতেই চকুত পৰে।

২০বছৰত ২০,০০০ঈগলক সুস্থ কৰি তোলা এই ভাতৃ দুজনৰ নিৰলস প্ৰচেষ্টাক এক সম্পূৰ্ণ চিনেমেটিক ৰূপ দিয়া হৈছে। তেওঁ‌লোকৰ মতে-“দিল্লী এক বৃহৎ ঘাঁ‌,আৰু ইয়াত আমি মাথোঁ বেণ্ড–এইড লগোৱাৰ কাম হে কৰি আছো“। উশাহ লৈ থকা সকলো জীৱৰ সমান অধিকাৰ–অল দেট ব্ৰেথছ্ ৰ অন্তৰ্নিহিত বিশ্বাস। অন্তিম শ্বটটিও অৰ্থৱহ তথা প্ৰশংসনীয়।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd