অসমত নহ’লেও নাই নাগৰিকত্বৰ বিধেয়কৰ শুনানি, বিশ্ব এতিয়া গ্ল’বেল ভিলে’জ : অতুল বৰা

President of Asom Gana Parishad

ফাইল ফটো

নাগৰিকত্ব আইন সংশোধন বিধেয়ক ( The Citizenship Act Amendment Bill  )ক লৈ যুটীয়া সংসদীয় সমিতিয়ে দিল্লীত শুনানি অনুষ্ঠিত কৰিব খোজাক লৈ অসমৰ দল-সংগঠনে প্ৰতিবাদ জনোৱাৰ সময়তে অগপ সভাপতি, মন্ত্ৰী অতুল বৰাই আজি ১২ এপ্ৰিলত ‘শুনানি অসমতেই হওক বা বাহিৰতে হওক আমাৰ ক’বলগীয়া একো নাই’ বুলি মন্তব্য কৰিছে।

চাওক অতুল বৰাৰ সংবাদমেলৰ লাইভ ভিডিঅ’

‘এই ক্ষেত্ৰত আমাৰ স্থিতিটো এনেকুৱা যে গোটেই পৃথিৱীখন এতিয়া গ্ল’বেল ভিলে’জত পৰিণত হৈছে। এতিয়া শুনানি অসমতেই হওক বা বাহিৰতে হওক আমাৰ ক’বলগীয়া একো নাই। দিল্লীত গৈয়ো আমি একেখিনি কথা ক’ম, ইয়াতো একেখিনি কথা ক’ম। সংকীৰ্ণ অনুভূতি লৈ আমি ৰাজনীতি কৰা নাই, মূল ইছ্যুটোহে আচল কথা‘, বৰাই কয়।

অগপ সভাপতিজনে পুনৰ দোহাৰে যে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ’লে আমি মিত্ৰজোঁট এৰিবলৈ সাজু আছো। আমি কোনোধৰণৰ আপোচ নকৰো।‘

আনহাতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত পঞ্চায়ত নিৰ্বাচন এক হেঙাৰ হ’ব পাৰে বাবেহে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই।

অগপৰ আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলখনত তেওঁ অসমবাসীক ৰঙালী বিহুৰ শুভকামনাও জ্ঞাপন কৰে। সংবাদমেলতে বিহুনাম জোৰা বৰাক মন্ত্ৰী কেশৱ মহন্তয়ো সহযোগ কৰে।