অসমত নাই ‘কোনো হিন্দু বাংলাদেশী’, নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত ‘অসম নাগৰিক মঞ্চ’

অসমৰ প্ৰায় সকলো জাতীয় সংগঠনে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ সৰ্বাত্মক বিৰোধিতা কৰা আৰু এন আৰ চিক লৈ একমত পোষণ কৰাৰ পৰতে ‘অসম নাগৰিক মঞ্চ’ নামৰ এটা সংগঠনে হোজাইত সমগ্ৰ বিষয়টোক লৈ বিপৰীত মন্তব্য প্ৰকাশ কৰিছে।

‘অসমত বৰ্তমান কোনো হিন্দু-বাংলাদেশী শৰণাৰ্থী নাই’ আৰু ‘আমি প্ৰকৃত ভাৰতীয় নাগৰিক। এন আৰ চি উন্নীতকৰণৰ নামত আমাৰ নাগৰিকত্ব কাঢ়ি নিয়া হৈছে’ বুলি সংগঠনটোৱে কৰা দাবীৰ যোগেদি মঞ্চটোৱে ৰাজ্যৰ হিন্দু বাঙালীৰ প্ৰতিনিধিত্ব দাবী কৰে বুলি বুজা গৈছে।

‘নাগৰিকত্ব সংশোধন বিধেয়ক কাৰ্য্যকৰী কৰিলে অসম আৰু অসমীয়া ভাষাৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নহয়’ বুলি সংগঠনটোৱে যোৱা ১৭ এপ্ৰিলত নাগৰিকত্ব সংশোধন বিধেয়কক লৈ দিল্লীত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত মত প্ৰকাশ বুলি যোৱা ২২ এপ্ৰিলত হোজাইত সংবাদমেলযোগে সদৰী কৰিছে।

‘নাগৰিকত্ব সংশোধন বিধেয়ক গৃহীত কৰিলে অসমত কোনো প্ৰভাৱ নপৰে, কাৰণ ৰাজ্যত কোনো হিন্দু বাংলাদেশী শৰণাৰ্থী নাই’ বুলি দাবী কৰি মঞ্চৰ সাধাৰণ সম্পাদক বিজয় চক্ৰবৰ্তীয়ে কয় ‘অ’ড়িছা আৰু ঝাৰখণ্ডহে এই বিধেয়কখনৰ জৰিয়তে উপকৃত হ’ব, কাৰণ তাৰ হিন্দু বাংলাদেশীসকলে নাগৰিকত্ব পাব, কাৰণ তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰ এতিয়ালৈকে দিয়া হোৱা নাই।’

আনহাতে ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবেও সংগঠনটোৱে দাবী জনাইছে।

২০১৪ চনৰ ভোটাৰ তালিকাক সাংবিধানিক সুৰক্ষা দি নাগৰিকত্ব সংশোধন বিধেয়কত এক ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগে বুলি সংগঠনটোৱে সংসদীয় সমিতিক স্মাৰক পত্ৰযোগে দাবী জনোৱা বুলি সংবাদমেলত কোৱা হৈছে। মঞ্চই কয় যে যিহেতু ১৯৬৬ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত ২০১৪ চনৰ ভোটাৰ তালিকা উন্নীত কৰা হৈছিল, গতিকে ২০১৪ চনৰ তালিকাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা উচিত।

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰী ২৪,৫১,১৮৮ গৰাকী হোৱাৰ বিপৰীতে বাঙালী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰী ৪৩৬,১৮৬ গৰাকী বুলি অসম চৰকাৰে দিয়া তথ্য প্ৰদৰ্শন কৰি সংগঠনটোৱে দাবী কৰে যে ‘অসম সম্পূৰ্ণৰূপে সুৰক্ষিত’।

মঞ্চৰ কোষাধ্যক্ষ অমৰ চান্দ দে’ আৰু সদস্য মিমু সাহা, ৰিষিকেশ ৰয় আৰু চুদন ৰয়ো সংবাদমেলখনত উপস্থিত আছিল।