• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি পিছুৱাবলৈ কৰা অসম চৰকাৰৰ অনুৰোধ পুনৰ প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ; বিধি-পথালি দিয়া দেশৰ মহাপঞ্জীয়কক সকীয়নি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 4:14 pm
supreme_court on nrc assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ ৩১ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’বই লাগিব আৰু সকলো খুঁটি-নাটি মাৰি ৩০ জুনত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰিবই লাগিব বুলি আজি ২৭ মাৰ্চত হোৱা শুনানিত পুনৰ কঠোৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

পঞ্চায়ত নিৰ্বাচনৰ বাবে এন আৰ চি প্ৰকাশৰ চূড়ান্ত দিন পিছুৱাব খুজি অসম চৰকাৰে কৰা আবেদন প্ৰত্যাখ্যান কৰি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনৰ বিচাৰপীঠে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক এই কঠোৰ নিৰ্দেশ দিয়ে।

Apply Now

এন আৰ চি উন্নীতকৰণত জড়িত হৈ থকা ৰাজ্যিক কৰ্মচাৰীসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিয়োগ কৰাৰ বাবে অনুমতি বিচাৰিছিল অসম চৰকাৰে।

আনহাতে এন আৰ চি উন্নীতকৰণৰ কামত খোদ দেশৰ মহাপঞ্জীয়কে বিধি-পথালি দিয়াৰ অৱগতি প্ৰকাশ কৰি ‘আমাৰ সূত্ৰৰ পৰা গোপন প্ৰতিবেদন পাইছো’ বুলি উচ্চতম ন্যায়ালয়ে আজিৰ শুনানিৰ সময়ত উপস্থিত থকা দেশৰ মহাপঞ্জীয়ক শৈলেশক তেওঁৰ কৰ্মৰ বাবে সতৰ্ক কৰি দিয়ে।

‘যদি এই কথাই হয়, তেন্তে ভাৰতৰ মহাপঞ্জীয়কক দায়িত্বৰ পৰা গুচোৱাৰ নিৰ্দেশ দিবলৈ আমি সংকোচ নকৰিম’ বুলি বিচাৰপীঠখনে সকীয়াই দিয়ে।

আনহাতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত হস্তক্ষেপ কৰাৰ কোনো অভিপ্ৰায় নাই বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্ধাৰিত সূচী মতেই নিৰ্বাচন অনুষ্ঠিত হোৱা উচিত, কিন্তু এন আৰ চি উন্নীতকৰণৰ কামত নিৰ্বাচনে বিধি-পথালি দিব নালাগে।

পঞ্চায়ত আৰু স্থানীয় নিকায়সমূহৰ হ’ব লগা নিৰ্বাচনৰ বাবে বিধিসন্মত প্ৰয়োজনত জিলাৰ অতিৰিক্ত উপায়ুক্ত পৰ্য্যায়ৰ বিষয়াসকলক এন আৰ চিৰ কামৰ পৰা অব্যাহতি দিব পৰা যায়, কিন্তু আন কোনো বিষয়াকে এন আৰ চি উন্নীতকৰণৰ বাহিৰে আন কামৰ বাবে অনুমতি দিব পৰা নাযায় বুলি বিচাৰপীঠখনে মত প্ৰকাশ কৰে।

‘এন আৰ চি উন্নীতকৰণৰ অন্তিম দিন ৩১ মে’ বুলি আমি ইতিমধ্যেই কৈছো’ বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ‘আপোনালোকে বাকী থকা কৰ্মচাৰীসকলক নিয়োগ কৰক নহ’লে চুবুৰীয়া ৰাজ্যসমূহক অনুৰোধ কৰক, কিন্তু এন আৰ চিৰ কামত জড়িত কোনো কৰ্মচাৰীকে আঁতৰ কৰিব বা অসুবিধা দিব নোৱাৰিব।’

অসম চৰকাৰৰ হৈ দেশৰ অতিৰিক্ত ন্যায়াভিকৰ্তা (Additional Solicitor General) তুষাৰ মেহতাই আদালতত যুক্তি দাঙি ধৰি কয় যে ৰাজ্যৰ পঞ্চায়ত সংবিধান নিয়ম অনুসৰি জিলা উপায়ুক্তসকল নিৰ্বাচনৰ দায়িত্ববাহী, কিন্তু অসমত তেওঁলোক বৰ্তমান এন আৰ চি উন্নীতকৰণৰ দায়িত্বত থাকিব লগা হৈছে।

১৪ সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শাৱলী অনুসৰি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত পলম হ’লে ৰাজ্যখনে ১০০০ কোটি টকা হেৰুৱাব লাগিব বুলিও মেহতাই যুক্তি প্ৰদৰ্শন কৰে।

অসমত অহা মাৰ্চ-এপ্ৰিলত হ’ব লগা পঞ্চায়ত নিৰ্বাচনত এন আৰ চি উন্নীতকৰণৰ কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকল জড়িত হ’ব লগাৰ বাবে চূড়ান্ত এন আৰ চি প্ৰকাশৰ অন্তিম দিনৰ ক্ষেত্ৰত কিছু শিথিলতা বিচাৰি যোৱা ২০ ফেব্ৰুৱাৰিৰ শুনানিটো অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছিল।

নিৰ্ধাৰিত সময়ত এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে তথ্য-পাতিৰ সত্যাসত্য নিৰূপণৰ ক্ষেত্ৰত এন আৰ চি বিষয়া-কৰ্মচাৰীক সহযোগিতা আগবঢ়াবলৈ দেশৰ সকলো ৰাজ্যৰ চৰকাৰ, ৰে’ল, বেংক, বিদেশ মন্ত্ৰ্যালয় আদি সকলো কৰ্তৃপক্ষকে বিচাৰপীঠখনে আহ্বান জনায়।

ন্যায়ালয়ে এন আৰ চি উন্নীতকৰণ সম্পৰ্কে পৰৱৰ্তী শুনানিৰ বাবে ৮ মে’ৰ দিনটো নিৰ্ধাৰণ কৰিছে।

আনহাতে অসমৰ এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিক গোচৰটোৰ আবেদনকাৰী আচাম পাব্লিক ৱৰ্কছৰ অভিজিত শৰ্মাই আদৰণি জনাইছে।

সদৌ অসম ছাত্ৰ সন্থায়ো এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ‘নিৰবচ্ছিন্ন তদাৰকী আৰু দৃঢ়তাৰ আদৰণি’ জনাইছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd