অসমত ফৰেষ্ট ৰে’ঞ্জাৰৰ ওলাইছে ৫০ টা খালী পদ; ৪ এপ্ৰিলৰ ভিতৰত কিদৰে আবেদন কৰিব জানিবলৈ পঢ়ক এই বাতৰি

forest ranger job in assam apsc

বন বিভাগৰ খালী থকা ৫০ টা ৰে’ঞ্জাৰ (ranger) পদৰ বাবে প্ৰাৰ্থী বিচাৰি অসম লোকসেৱা আয়োগে বিজ্ঞাপন জাৰি কৰিছে। পদসমূহৰ বাবে অহা ৪ এপ্ৰিলৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

অসম বন হাতপুথি (Assam Forest Manual)ৰ নিয়মাৱলীৰ আধাৰত ১০৩০০ টকা গ্ৰে’ড পে’ৰ লগতে ২২০০০ৰ পৰা ৮৭০০০ টকাৰ পে’ ব্ৰেকেটত নিৰ্বাচিত প্ৰাৰ্থীসকলক দৰমহা দিয়া হ’ব।

পদসমূহৰ বাবে আয়োগৰ কাৰ্য্যালয়ৰ পৰা কোনো ছপা আবেদন যোগান ধৰা নহ’ব বুলি সদৰী কৰি আয়োগৰ উপ সচিবে যোৱা ৩ মাৰ্চত জাৰি কৰা বিজ্ঞাপনত কোৱা হৈছে যে ‘আয়োগৰ ৱে’বছাইট www.apsc.nic.inৰ ‘Application forms for other examination’ লৈ গৈ প্ৰাৰ্থীসকলে আবেদন পত্ৰসমূহ ডাউনল’ড কৰিব পাৰিব।’

‘Deputy Secretary, Assam Public Service Commission Jawaharnagar, Khanapara, Guwahati-22’ ঠিকনাত আবেদনসমূহ অহা ৪ এপ্ৰিলৰ ভিতৰত ডাকযোগে জমা দিব পাৰিব। আবেদনৰ মাচুল অসংৰক্ষিত শ্ৰেণীৰ বাবে ২৫০ টকা আৰু সংৰক্ষিত শ্ৰেণীৰ বাবে খনে প্ৰতি ১৫০ টকা।

সৱিশেষ তথ্যৰ বাবে http://www.apsc.nic.in/ADVT_04_2018.pdf টো খুলি চাব পাৰে। আয়োগে নিৰ্ধাৰণ কৰা বিষয়্সমূহৰ অন্ততঃ এটা বিষয়ত প্ৰাৰ্থীসকল যিকোনো স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰিধাৰী হ’ব লাগিব। বয়স ২০১৮ চনৰ ১ জানুৱাৰিত ২১ৰ পৰা ৪৩ বছৰৰ ভিতৰত হ’ব লাগিব। অঃ জাঃ/ অঃ জঃ (SC/ ST)ৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ সৰ্বোচ্চ সীমা ৫ বছৰ ৰেহাই দিয়া হ’ব।

পদসমূহৰ ক্ষেত্ৰত জাতিগত আৰু মহিলাৰ সংৰক্ষণ নিৰ্ধাৰিত নিয়ম অনুসৰি থাকিব।

লিখিত, মৌখিক আৰু শাৰিৰীক/ স্বাস্থ্যজনিত সক্ষমতা পৰীক্ষাৰ আধাৰত প্ৰাৰ্থী বাচনি কৰা হ’ব।