অসমত বিনিয়োগৰ আহ্বানেৰে বেংগালুৰুত সৰ্বানন্দ সোণোৱালৰ ৰোড শ্ব’

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত হ’বলগীয়া বিশ্ব বিনিয়োগ সন্মিলনত দেশৰ লগতে বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে কালি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তথ্য-প্ৰযুক্তি বিদ্যাৰ চহৰ বেংগালুৰুত এক ৰোড শ্ব’ অনুষ্ঠিত কৰিলে। ‘এডভাণ্টেজ আছাম শীৰ্ষক’ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে বিনিয়োগকাৰী সকলক অসমত বিনিয়োগ কৰাৰ বাবে আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰে। উল্লেখযোগ্য যে বিশ্ব বিনিয়োগ সন্মিলন উদ্দেশ্যে বিনিয়োগকাৰী সকলক আকৰ্ষিত তথা সন্মিলনত অংশ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত ৰোড শ্ব’ অনুষ্ঠিত কৰিছে।

ৰোড শ্ব’ৰ অংশ হিচাপে মুখ্য মন্ত্ৰী গৰাকীয়ে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ ব্যৱসায় বাণিজ্যৰ সম্ভাৱনীয়তা বিশেষকৈ ইজ অৱ ডুয়িং বিজনেজ, ছিংগল উইণ্ড ক্লিয়াৰেন্স ছিষ্টেম, ৰাজ্যখনত থকা পৰ্যাপ্ত প্ৰাকৃতিক সমলৰ কথা আদি ভাষণ প্ৰসংগৰ মাজেৰে কয়। লগতে সকলো বিনিয়োগকাৰীকে অসমত বিনিয়োগ কৰিবলৈ অনুৰোধ জনাই আৰু ভাৰতৰ ভিতৰতে অসম বিকাশৰ ক্ষেত্ৰত ‘নতুন ইঞ্জিন’ ৰুপে সক্ৰিয় ভুমিকা ল’ব বুলি দোহাৰে।

যুৱ উদ্যোগীসকলক বিশেষ ভাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যে নতুন নীতি হাতত লোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনায়। গুৱাহাটীক এছিয়ান দেশ সমূহৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ‘উড়ান’ নামেৰে এক আচঁনিও হাতত লোৱা বুলি কয়। ৰোড শ্ব’ৰ অংশ হিচাপে মুখ্য মন্ত্ৰীয়ে বায়’কন, এয়াৰ এছিয়া, টয়’টাৰ লগতে অন্যান্য ঔদ্যোগিক গোটৰ শীৰ্ষ প্ৰতিনিধিৰ লগত সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হয়। এই আলোচনাৰ পিছতে ঔদ্যোগিক গোট সমূহে অসমত ব্যৱসায় সম্পসাৰণৰ বাবে আগ্ৰহী বুলি মত পোষণ কৰে।

ৰোড শ্ব’ৰ সময়ত মুখ্য মন্ত্ৰীৰ লগতে তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰছেনিয়াৰ উপৰি বিভিন্ন উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল।