অসময়ী চলচ্চিত্ৰ উদ্যোগৰ প্ৰত্যাহ্বান সন্দৰ্ভত মুখ্য মন্ত্ৰীৰে আলোচনা অভিনেতা আদিল হুছেইনৰ

আন্তর্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি অসমৰ কথা ছবি উদ্যোগৰ পুনৰুজ্জীৱিত সম্পৰ্কে বিস্তৃতভাৱে আলোচনাত মিলিত হয়।

এই আলোচনাত ‘লান্স বক্স’ শীৰ্ষক চলচ্চিত্ৰখনেৰে জনপ্ৰিয়তা লাভা কৰা বিশিষ্ট কথাছবি প্ৰযোজক শ্বাহনাব আলমো উপস্থিত আছিল।

আলোচনাৰ সময়ত আদিল হুছেইন আৰু শ্বাহনাব আলমে অসময়ী চলচ্চিত্ৰ উদ্যোগে সন্মুখীন হৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয় সমূহ আলোচনা কৰাৰ উপৰি এই প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ বিষয়েও বাখ্যা কৰে।

লগতে দুয়োগৰাকী অভিনেতা আৰু প্ৰযোজকে বহু সংখ্যক অসমীয়া ছবিয়ে অসমৰ বাহিৰত যথেষ্ট সমাদৰ লাভ কৰে যদিও অসমত ছবি সমূহে উপযুক্ত আন্তঃগাঁথনি আৰু পৃষ্ঠপোষকতাৰ অভাৱৰ বাবে সমস্যাৰ সন্মুখীন হয় বুলি কয়।

তাৰোপৰি তেওঁলোকে কয় যে ‘ভিলেজ ৰকষ্টাৰ্চ’ৰ দৰে চলচ্চিত্ৰই বিশ্বৰ ৮০ খনতকৈও অধিক দেশত জনপ্ৰিয়তা লাভ কৰাৰ বিপৰীতে অসমত বিতৰক আৰু প্ৰদৰ্শনকাৰীৰ অনীহাৰ বাবে এনেকুৱা বিশ্বমানৰ চলচ্চিত্ৰই স্থানীয় চিনেমা গৃহত সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি কয়।

আনহাতে অভিনেতা আৰু প্ৰযোজকদ্বয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ মুখ্য মন্ত্ৰী গৰাকীয়ে আন ৰাজ্যৰ আৰ্হিৰে অসমৰ বাবেও এক চলচ্চিত্ৰ নীতি গ্ৰহণৰ ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।