অসমৰ খিলঞ্জীয়া ৰাইজৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে অবৈধ বাংলাদেশীৰ ৰক্ষকসকল : ড০ সমুজ্বল ভট্টাচাৰ্য

Samujjal Bhattacharya

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

‘অসমৰ এন আৰ চি উন্নীতকৰণ, বিদেশী সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ শাখাটোৱে সুষমা স্বৰাজলৈ যি পত্র প্রেৰণ কৰিলে তাত আচৰিত হৈছোঁ। এই চিঠিখনৰ কোনো ভিত্তি নাই। অসমত থকা অবৈধ বাংলাদেশীৰ যিসকল ৰক্ষক তেওঁলোকে আন্তঃৰাষ্ট্রীয় লবী এটাৰ লগ লাগি এই কাম কৰিছে,’-এই মন্তৱ্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

অসমৰ এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দর্ভত ৰাষ্ট্রসংঘই কেন্দ্রীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰাক লৈ ৰাজ্যত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ অসমৰ অভ্যন্তৰীণ বিষয় এটাক, জাতীয় জীৱনৰ সৈতে জড়িত বিষয়ক প্রতিক্রিয়াশীল চক্রই অন্য দৃষ্টিকোণেৰে ৰাষ্ট্রসংঘৰ মজিয়ালৈ লৈ যোৱাৰ ঘটনাই বিভিন্ন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।

এন আৰ চিৰ দৰে অতি স্পর্শকাতৰ বিষয় এটাক লৈ ন্যস্ত স্বার্থজড়িত মহলে ভুল প্রতিচছবি এখন দাঙি ধৰিবলৈ কৰা অপচেষ্টাক একমুখে গৰিহণা দিছে জাতীয় দল-সংগঠন তথা সচেতন মহলে।

দেশৰ সবোর্চচ ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এন আৰ চিৰ উন্নীতকৰণ প্রক্রিয়াৰ প্রতি সন্দেহৰ আঙুলি টোঁৱাই মানৱাধিকাৰ উলংঘা কৰা বুলি এটা চক্রই ৰাষ্ট্রসংঘৰ মজিয়াত বিষয়টো উত্থাপন কৰাত জাতীয় দল-সংগঠনে আশ্চৰ্য প্ৰকাশ কৰিছে।

‘এই ষড়যন্ত্র হ’ল অসমৰ খিলঞ্জীয়া ৰাইজৰ বিৰুদ্ধে। কেন্দ্রীয় চৰকাৰে চিঠিখন অগ্রাহ্য কৰিব লাগে আৰু তথ্য পাতিৰে অসমৰ বিদেশী সমস্যাটোৰ বিষয়ে জনাব লাগে। বিগত ৩৮ বছৰে অসমৰ খিলঞ্জীয়া ৰাইজে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দি আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি ইয়ালৈ আহি সত্য অনুধাৱন কৰি জানক,বুজক। অবৈধ বাংলাদেশীৰ প্ৰৰোচনাত পৰি ৰাষ্ট্ৰসংঘৰ শাখাটোৱে এই প্ৰতিবেদন দিছে,’-এইদৰে মন্তব্য কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়ায়ো ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ আয়োগৰ অভিযোগ পত্ৰত আশ্চৰ্য প্ৰকাশ কৰিছে। তেওঁ কয়,  ‘এই অভিযোগ কেতিয়াও মানি ল’ব নোৱাৰি। সম্পূর্ণ মিছা কথা। ৰাষ্ট্রসংঘই কেতিয়াও কোনো জাতি নিঃশেষ হোৱাটো নিবিচাৰে। বিদেশী চিনাক্তকৰণৰ বাবেহে ইয়াত এন আৰ চি ৰূপায়ণ হৈ আছে। যিসকলে ৰাষ্ট্রসংঘত মিছা অভিযোগ দিলে তেওঁলোকৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ’ব লাগিব।‘

উচচতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয় যে ৰাষ্ট্রসংঘৰ কোনো প্রতিনিধি অসমলৈ নহাকৈ কেনেকৈ মানৱাধিকাৰ ভংগ হোৱা বুলি গম পালে। তেওঁ অভিযোগকাৰীসকলক চিনাক্ত কৰিব লাগে বুলিও মন্তব্য কৰে।