অসমৰ বঙালী সম্প্ৰদায় বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ : সৰ্বানন্দ সোণোৱাল

‘বিশ্বৰ বুকুত বঙালী জাতিৰ এক সুকীয়া পৰিচয় আছে। বঙালী জাতি বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত অত্যন্ত চহকী বুলি সমগ্ৰ দেশতে পৰিচিত। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দ আদিৰ দৰে জাতিটোৰ মহান মনীষী সকলে ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী তথা দৃঢ়তাৰে তুলি ধৰাৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়াইছে। আমিও সেই আদৰ্শ অনুসৰণ কৰি অসমৰ বুকুত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম-মৰ্যাদা প্ৰদানৰ বাবে দৃঢ়তাৰে কাম কৰি আছো। বঙালী সম্প্ৰদায় বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ। সেয়েহে বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ বাবে বঙালী সম্প্ৰদায়ৰ লোকসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব।’ শনিবাৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ওদালগুৰি জিলা অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ তৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ সবকা বিকাশ’ নীতিৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু অৰুণাচলৰ পৰা গুজৰাটলৈ ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা সৰু-বৰ সকলো জাতি-জনগোষ্ঠীকে জনসাধাৰণৰ সৰ্বাংগীণ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালতে বৰাক উপত্যকাৰ শিলচৰৰ পৰা এতিয়া ৮ খন বিশেষ ৰেল চলাচলৰ ব্যৱস্থা, ডিব্ৰুগড়ৰ পৰা শিলচৰলৈ স্পাইচ জেট বিমান সেৱা আৰু কাইলৈৰ পৰা অৰ্থাৎ ৮ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ পৰা শিলচৰলৈ প্ৰত্যক্ষ ৰেল সেৱা আৰম্ভ হ’ব বুলি কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ চৰকাৰৰ দিনতে শিলচৰত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ, কৰিমগঞ্জত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আদি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি বৰাক উপত্যকাৰ বাবে মিনি চেক্ৰেটেৰিয়েট নিৰ্মাণৰ আধাৰশিলা শীঘ্ৰে স্থাপন কৰা হ’ব বুলি কয়।

সাৰ্বজনীন কল্যাণৰ আদৰ্শৰে পিৰচালিত হৈ চৰকাৰ খনে নিষ্ঠা সহকাৰে কৰ্মত বৰ্তী হোৱা বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰাৰ লগতে ডিটেনশ্বন কেম্পত আবদ্ধ হৈ থকা লোক সকলৰ ক্ষেত্ৰত মানৱীয় দৃষ্টী ভংগীৰে পদক্ষেপ লোৱা হ’ব বুলিও কয়।

আনহাতে অনুষ্ঠানটোত জনস্বাস্থ্যা কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ভাষণ প্ৰসংগত টংলাৰ মাজেৰে যোৱা পথটো নিৰ্মাণৰ বাবে ৮ কোটি টকা ধাৰ্য কৰাৰ লগতে ইতিমধ্যে কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰে।

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বিধায়ক কমলী বসুমতাৰী, মহেশ্বৰ বড়ো, অসম ঔদ্যোগীক উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দায়, বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, ওদালগুৰি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।