অসম আৰক্ষীত অচিৰেই আৰু ৫,৬২৪ জনক চাকৰি দিয়া হ’ব

AssamPolice_Recruitment

যোৱা ৩ এপ্ৰিলত আৰক্ষী বিভাগত ১৩৮৬ জনক কনিষ্টবল পৰ্য্যায়ৰ পদত নিযুক্তি দিয়াৰ পিছত পুনৰ আৰক্ষী আৰু বন বিভাগ মিলাই মুঠ ৫৬২৪টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে ৰাজ্য চৰকাৰ। এই কথাই ৰাজ্যৰ চাকৰি প্ৰাৰ্থী নিবনুৱাৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ সূত্ৰই জনোৱামতে, ৫৬২৪টা মুঠ পদৰে ১৮৫১টা য়ু বি কনিষ্টবল, ৩৬৪৩ টা এ বি কনিষ্টবল, ৫২৫টা বন বিভাগ, ১৩৫টা জেইল বিভাগ আৰু ১৪৫ টা এ আই এছ এফৰ পদ।

আনহাতে বন বিভাগৰ পদবোৰৰ (গাৰ্ড) বাবে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া হৈ গৈছে আৰু প্ৰায় ডেৰ লাখ প্ৰাৰ্থীয়ে আৱেদন কৰিছে। বাকী পদসমূহৰ বাবেও অহা সপ্তাহৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। সূত্ৰটোৱে জনোৱামতে নিযুক্তি হ’বলগীয়া  পদসমূহৰ ভিতৰৰে ২ শতাংশ পদ গৃহৰক্ষী বাহিনী, এছ পি অ’ আৰু খেলুৱৈৰ বাবে সংৰক্ষিত থাকিব। ইয়াৰ উপৰি প্ৰাক্তন উগ্ৰপন্থী আৰু গাঁওৰক্ষী বাহিনীৰ বাবেও আসন সংৰক্ষিত থাকিব।

যোৱা ৩ এপ্ৰিলৰ সংবাদমেলত নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে উল্লেখ কৰিছিল যে মহিলাসকলে তেওঁলোকৰ বাবে আয়োজন কৰা শাৰীৰিক পৰীক্ষাত আশানুৰূপ সফলতা দেখুৱাব পৰা নাই। সেয়েহে এইবাৰ হ’বলগীয়া নিযুক্তি প্ৰক্ৰিয়াত মহিলা আৰক্ষীৰ বাবে শাৰীৰিক পৰীক্ষা কিছু সহজ কৰা হ’ব।

চাকৰি প্ৰাৰ্থীয় অধিক জানিবৰ বাবে বা বিভাগটোত হোৱা শেহতীয়া নিযুক্তি সম্পৰ্কীয় খা-খবৰ পাবৰ বাবে http://assampolice.gov.in/ নামৰ ৱেবছাইটটো চাব পাৰে।