অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী : উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

AAU-570x320

বৰ্তমান দেশৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ে  ৫০ বছৰত ভৰি দিছে। ১৯৬৯ চনত মাত্ৰ ২খন মহাবিদ্যালয়ক লৈ আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনে বিগত ৪৯টা বছৰত ৰাজ্যখনৰ লগতে দেশৰ বাবেও বহু গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াই আহিছে।

অহা ১৭ এপ্ৰিলত বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানটোৰ সামৰণি কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। কৃষি বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই সামৰণি কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।

ৰাজ্যপাল জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগীয়া কাৰ্যসূচীটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব।বৃহস্পতিবাৰে যোৰহাটৰ বিশ্ববিদ্যালয়খনৰ অতিথিশালাত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে বক্তব্য আগ বঢ়ায় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱাই। সংবাদমেলত উপাচাৰ্যগৰাকীয়ে কয় যে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিশ্ববিদ্যালয় সংগীত, বিশ্ববিদ্যালয়ৰ প্ৰতীক গ্ৰহণ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰো মুকলি কৰা হৈছে।

এই বৰ্ষটোত এখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন, বতৰ পৰিৱৰ্তন শীৰ্ষক আলোচনাচক্ৰ, পশু চিকিৎসা বিষয়ক আলোচনা, গুৱাহাটীত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ, সদৌ অসম বেডমিণ্টন আৰু তৰ্ক প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

১৭ এপ্ৰিলৰ কাৰ্যসূচীত ১৩গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত আগ বঢ়োৱা অৱদানৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হ’ব। ন্যায়াধীশ এছ এন ফুকন, উদ্যোগী চিৰঞ্জীৱ চলিহা, সাংবাদিক ধীৰেন চক্ৰৱৰ্তী, সমাজকৰ্মী দীপক বৰঠাকুৰ, ৰাজশ্ৰী বৰুৱা, লক্ষহীৰা দাসৰ উপৰি ৬ গৰাকী কৃষকক উপ-ৰাষ্ট্ৰপতি নাইডুৱে পুৰস্কাৰ প্ৰদান কৰিব।

সংবাদমেলত উপাচাৰ্য ড০ বুজৰবৰুৱাই লগতে কয় যে মাত্ৰ ২খন কলেজেৰে আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনৰ অধীনত বৰ্তমান আছে ৯খন কলেজ। আৰু নতুন ২খন কলেজ প্ৰতিষ্ঠা কৰা হ’ব। ইয়াৰে এখন বড়োলেণ্ডত আৰু এখন সৰভোগত প্ৰতিষ্ঠা হ’ব।

বিশ্ববিদ্যালয়খনৰ ১২২ গৰাকী শিক্ষকে বিভিন্ন স্থানত প্ৰশিক্ষণ লোৱাৰ উপৰি বিদেশলৈও ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে পঠোৱা হৈছে। বিগত ৮ বছৰত বিশ্ববিদ্যালয়খনে ১২৩টা ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি আগন্তুক দুটা বৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনলৈ বিশ্ব বেংকৰ ২৫কোটি আৰু ৮.৫ কোটিৰ দুটা প্ৰকল্প আহিছে।

বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ  ১১টা গৱেষণা কেন্দ্ৰ আৰু ২৩টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। ইয়াত ৭৭০গৰাকী বিজ্ঞানী, শিক্ষকৰ উপৰি আছে প্ৰায় ১৭০০ কৰ্মচাৰী। ৮খন বেলেগ বেলেগ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰি আহিছে। বিগত ৫০ বছৰত বিশ্ববিদ্যালয়খনে ১২৮ বিধ বিভিন্ন বীজ মুকলি কৰি দিছে। বুট মাহৰ বিশেষ বীজে বিদেশতো সুখ্যাতি লাভ কৰিছে।