অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

Felicitation program by Biswanath AJYCP

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি ঈশান প্ৰতিম শইকীয়াৰ সভাপতিত্ব কৰা অনুষ্ঠানটোত পুণেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কল্পতৰু মহোৎসৱ ২০১৮ত বিশ্বনাথ চাৰিআলিৰ নৃত্যাঞ্জলী কলা নিকেতনৰ পৰা প্ৰতিনিধিত্ব কৰি বিভিন্ন শাখাত পদক লাভ কৰা প্ৰতিযোগীসকলক বিশ্বনাথত উপস্থিত হোৱাৰ লগে লগেই উস্ম আদৰণিৰে সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা লাভ কৰা মহোৎসৱটোৰ জুনিয়ৰ, ছিনিয়ৰ আৰু দলীয় শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা নৃত্যাঞ্জলী কলা নিকেতনৰ নৃত্যশিল্পী কেইগৰাকী হৈছে জংকী বৰা, ময়ুৰাক্ষী বাঢ়ৈ, জনশ্ৰুতি কলিতা, ঋতুস্মিতা কৃষ্ণাত্ৰেয়, বিদূষী কাশ্যপ, প্ৰিয়া দত্ত, অঙ্কিতা বৰা।

তেওঁলোকৰ উপৰি নৃত্যাঞ্জলী কলা নিকেতনৰ অধ্যক্ষ অংকুমণি কপিলকো আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক মূত্যুঞ্জয় সন্যালে আতঁধৰা সভাখনত পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক জিতু শৰ্মাই পদক প্ৰাপ্ত নৃত্যশিল্পী সকলক উদ্দেশ্যি শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই।

উক্ত সভাত আঞ্চলিক সমিতিৰ উপদেষ্টা ক্ৰমে নিহাৰ শইকীয়া, যতীন বৰা, যুৱৰাজ কটোৱাল, তুহীন ভূঞা, হাচান শ্বেখ, অজয় ৰায়, কামাৰুদ্দিন আহমেদ, পিংকু শৰ্মা, জ্যোতিস্মান বৈশ্য, জিন্টু বড়ো, ৰিপন বৰা প্ৰমুখ্যে আঞ্চলিক সমিতিৰ নেতৃবিন্দ উপস্থিত থাকে।