অসম বিদেশীৰ বাবে ধৰ্মশালা নহয় : ৰাজ্যপাল জগদীশ মুখী

জগদীশ মুখী

এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিছৰে পৰা কংগ্ৰেছৰ একাংশ নেতায়ে বিষয়টোত বিভ্ৰান্তি সৃষ্টিৰ চেষ্টা চলাই অহাৰ লগতে শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিতৰ্কিত তথা চৰম আপত্তিজনক মন্তব্যৰ কিছুদিন পিছতে ৰাজ্যপাল জগদীশ মুখীয়ে এন আৰ চিক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।

মঙলবাৰে হোজাইত আয়োজিত এক সংবাদমেলত বিষয়টোৰ সন্দৰ্ভত  নিজৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যপাল গৰাকীয়ে  কয়, ‘ভাৰতবৰ্ষ তথা অসম বিদেশীৰ বাবে ধৰ্মশালা নহয়, য’ৰ ত’ৰ পৰা লোক আহি ইয়াত থাকিব নোৱাৰিব।‘ আনহাতে এন আৰ চিক লৈ পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ বিষয়ে সাংবাদিকৰ এক প্ৰশ্নত মুখীয়ে কয় -‘মই কোনো ৰাজনৈতিক দলৰ নেতা নহয়, গতিকে তেওঁৰ বক্তব্যৰ সম্পৰ্কত মই মন্তব্য দিবলৈ নাযাওঁ।’

কালি উপায়ুক্তৰ আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাজ্যখনত চলি থকা এন আৰ চি উন্নীতকৰনৰ কামক বৈপ্লৱিক পদক্ষেপ বুলি আখ্যা কৰি ভাৰতৰ সকলো ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ’ব লাগে বুলি মন্তব্য কৰে।

এন আৰ চিৰ উপৰি আৰু বহুত গুৰুত্বপূ্ৰ্ণ বিষয়ৰ উপৰত আলোচনা হোৱা কালিৰ সংবাদমেলখনত ৰাজ্যপালগৰাকীৰ লগত হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক দেবজ্যোতি মুখাৰ্জীকে ধৰি জিলাখনৰ আটাইকেইতা বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।