অসম ৰাইফলছৰ দ্বাৰা এন এছ চি এন (আই এম)ৰ দুজন সদস্যক আটক

অৰুণাচলৰ চাংলাং জিলাৰ মুলং অঞ্চলৰ পৰা ১ ডিচেম্বৰত অসম ৰাইফলছৰ চাংলাং বেটেলিয়নৰ জোৱানে এন এছ চি এন (আই এম)ৰ দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত বাতৰি মতে অঞ্চলটোৰ গাওঁ এলেকাত উগ্ৰপন্থী দুজনে ধন দাবী কৰাৰ খবৰ পাইছিল সামৰিক বাহিনীটোৱে। খবৰ পাই জোৱানৰ এটা দলে অঞ্চলটোত অভিযান চলায়। উক্ত অভিযান কালতে সেনাবাহিনীৰ দলটো এন এছ চি এন (আই এম)ৰ দুজন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয়। কোহিমাস্থিত প্ৰতিৰক্ষা জনসংযোগ বিষয়া কৰ্নেল চি কোঁৱৰে এই কথা জনায়। তেওঁ লগতে জনোৱা মতে আটকাধীন উগ্ৰপন্থী দুজন হৈছে মহনং টিখাক আৰু ৰনং টিখাক। উগ্ৰপন্থী দুজনৰ পৰা এটা গুলী ভৰ্তি পিষ্টল আৰু বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হয়।