অহা ১৬ ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ’ব চি-টেট পৰীক্ষা

CBSE CTET July 2017 Notification-min

অসম চৰকাৰে প্ৰতিবছৰে টেট অনুষ্ঠিত নকৰাৰ ফলশ্ৰুতিত যি সময়ত অৰ্হতাসম্পন্ন শিক্ষিত যুৱক-যুৱতীয়ে ‘শিক্ষক’ হোৱাৰ সপোন ত্যাগ কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, শিক্ষিত নিবনুৱাই চৰম হতাশাত দিন কটাবলগীয়া হৈছে সেই সময়তে অহা ১৬ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে চি-টেট অনুষ্ঠিত কৰাৰ ঘোষণা স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰে প্ৰতি বছৰে টেট অনুষ্ঠিত নকৰাক লৈ ক্ষুব্ধ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব লগা হৈছে।

দেশৰ লগতে অসমৰ শিক্ষিত নিবনুৱাসকলৰ মাজতো আশাৰ সঞ্চাৰ কৰি অহা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব চি-টেট (চেন্ট্ৰেল টেট) । কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) ১৬ ছেপ্টেম্বৰত দেশৰ ৯২ খন চহৰত এই চি-টেট অনুষ্ঠিত হ’ব।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা জাননীখনত উল্লেখ কৰা অনুসৰি অহা ১৬ ছেপ্টেম্বৰত দেশৰ ৯২খন চহৰত চি-টেট অনুষ্ঠিত হ’ব। চি-টেটত অৱতীৰ্ণ হোৱাৰ বাবে যাৱতীয় অনলাইন প্ৰক্ৰিয়া অহা ২২ জুনৰ পৰা আৰম্ভ হ’ব। একেদৰে অনলাইন আবেদন দাখিলৰ অন্তিম দিন হৈছে ১৯ জুলাই।

অনলাইন আবেদনকাৰী প্ৰাৰ্থীসকলে ২১ জুলাইৰ বিয়লি ৩.৩০ বজাৰ পূৰ্বে আবেদন মাচুল আদায় দিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে চি-টেটৰ বিস্তৃত তথ্য www.ctet.nic.in  ৱেবছাইটটোত ১২ জুনৰ পৰা লাভ কৰিব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে।