অহা ৩০ জুনত প্ৰকাশ পাব এন আৰ চিৰ সম্পূৰ্ণ খচৰা : প্ৰতীক হাজেলা

এন আৰ চি

অহা ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা। আজি নতুন দিল্লীত এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাংলাদেশী-বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ হ’লে  অভিযোগ দিব পাৰিব বুলিও কয় ৰাজ্যিক সমন্বয়কগৰাকীয়ে।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত নাম বাদ পৰি যোৱা সকলে আৱেদন জনাব পাৰিব বুলি হাজেলাই ব্যক্ত কৰে।

ৰাজ্যিক সমন্বয়কগৰাকীয়ে লগতে প্ৰকাশ কৰে যে সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ এমাহৰ ভিতৰত সকলো অভিযোগ নিষ্পত্তি কৰা হ’ব। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত ৰাজ্যত সৃষ্টি হ’ব পৰা সম্ভাব্য পৰিস্থিতিলৈ লক্ষ্য ৰাখি মঙলবাৰে দিল্লীৰ নৰ্থ ব্লকত এখন সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ বিভাগৰ সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসমৰ মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, আইন-শৃখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য উপস্থিত থাকে।

মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা বৈঠকত অসমৰ বিভিন্ন স্পৰ্শকাতৰ বিষয় সমূহৰ ওপৰত বিতং আলোচনা কৰা হয়। এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ পাছত কেইবাখনো জিলাত উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ ওচৰত অসম চৰকাৰে তথ্যসহকাৰে প্ৰতিবেদন দাখিল কৰিছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই প্ৰতিবেদন গুৰুত্বসহকাৰে গ্ৰহণ কৰি অসমলৈ অতিৰিক্ত নিৰাপত্তাবাহিনী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই।