কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰক সাক্ষাৎ অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰৰ

180606 MoS Youth Affairs and Sports (4)

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই নতুন দিল্লীত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰক সাক্ষাৎ কৰি ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে বিভিন্ন আলোচনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কালত ৰাজ্যপাল মিশ্ৰই অৰুণাচলৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাথনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়।

এই আলোচনাৰ সময়তে ৰাজ্যপালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগত উল্লেখ কৰি কয় যে অৰুণাচলত অতিকৈ জনপ্ৰিয় খেলবিধ হৈছে ফুটবল। সেয়ে ৰাজ্যপাল মিশ্ৰই ৰাথোৰক ৰাজ্যখনৰ টিৰাপ, লোহিত, পশ্চিম ছিয়াং আৰু পাপুম পেৰে জিলাত একোটাকৈ ফুটবল ক্লাব আৰম্ভ কৰিবলৈ অনুৰোধ কৰে।

ৰাজ্যপাল মিশ্ৰই মন্ত্ৰী ৰাথোৰৰ আগত প্ৰকাশ কৰি কয় যে উত্তৰ-পূবৰ যুৱ প্ৰজন্ম তথা অৰুণাচল প্ৰদেশৰ যুৱ সমাজ ক্ৰীড়াৰ দিশত জন্মৰে পৰা বিশেষ প্ৰতিভাৰ অধিকাৰী। উত্তৰ-পূবৰ যুৱ সমাজে আন্তঃগাথনিৰ বিশেষ অসুবিধাৰ সত্বেও ক্ৰীড়া ক্ষেত্ৰত অভাৱনীয় ৰেক’ৰ্ড গঢ়িছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাজ্যপালগৰাকীয়ে বিশেষকৈ এভাৰেষ্ট বিজয়ী মুৰি লিংগীৰ লগতে বেডমিণ্টন, মাৰ্চিয়েল আৰ্টছ আদি বিভিন্ন খেলত অৰুণাচলৰ খেলুৱৈয়ে বিগত দিনকেইটাত লাভ কৰা সাফল্যৰ বিষয়েও অৱগত কৰায়।

ৰাজ্যপালগৰাকীয়ে নিজৰ মত ব্যক্ত কৰি কয় যে ৰাজ্যখনত আন্তঃগাথনিৰ ইমান বেয়া অৱস্থাৰ পাছতো খেলুৱৈসকলে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায় আছে। সেয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাথোৰক অতি শীঘ্ৰে অৰুণাচলত ক্ৰীড়াৰ আন্তঃগাথনিৰ সমস্যাটো নিৰ্মূল কৰাৰ বাবে আলোচনা কালত উল্লেখ কৰে।