দেওবাৰে এছ এছ বিৰ ৬১ নং বেটেলিয়নে অৰুণাচল প্ৰদেশৰ ডিমাচাং বনাঞ্চলৰ পৰা এক অভিযান চলাই ২০৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। প্ৰাপ্ত তথ্য মতে বেটেলিয়নৰ দলটোৱে এক নিৰ্ভৰযোগ্য সূত্ৰৰ আধাৰত এছিছটেণ্ট কমাণ্ডেণ্ট বিপিন কাটাৰেৰ নেতৃত্বত অঞ্চলটোত এক ক্ষিপ্ৰ অভিযান চলাইছিল। এই অভিযান কালত বেটেলিয়ানৰ দলটোৱে দুজনকৈ গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত গাঞ্জা সৰবৰাহকাৰী কেইজনৰ এজনক ঢেকীয়াজুলিৰ চন্দন বসুমতাৰী(২১) আৰু আনজনক ওদালগুৰিৰ গান্দাহলিৰ হেমেন দৈমাৰী বুলি সেনাবাহিনীৰ দলটোৱে চিনাক্তকৰণ কৰিছে। সেনাবাহিনীৰ দলটোৱে জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য কেইবা লাখ টকা হ’ব বুলি সূত্ৰটোৱে কয়। আনহাতে সেনাবাহিনীৰ দলটোৱে ধৃত গাঞ্জা সৰবৰাহকাৰী দুজনৰ লগতে তেওঁলোকৰ পৰা জব্দ কৰা গাঞ্জাখিনি অৰুণাচল প্ৰদেশৰ বেলিমু আৰক্ষী চকীত চমজাই দিয়া বুলি জানিব পৰা গৈছে।
অৰুণাচলৰ ডিমাচাঙত ২ জন গাঞ্জা সৰবৰাহকাৰীক আটক
-
By NE NOW NEWS
Related Content
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
ছাজিদ খান
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
ছাজিদ খান
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
ছাজিদ খান
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
ছাজিদ খান
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
ছাজিদ খান
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
ছাজিদ খান
May 18, 2024 11:57 am