অৱশেষত আৰক্ষীৰ জালত বন্দী হ’ল অৰুণাচলৰ ব্যৱসায়ী আতিকুৰ ৰহমানৰ হত্যাৰ মূল অভিযুক্ত

প্ৰতিনিধিত্বমূলক ছবি

মৰিগাঁও জিলাৰ মইৰাবাৰীত কালি নিশা আৰক্ষীয়ে অভিযান চলাই অৰুণাচল প্ৰদেশৰ ব্যৱসায়ী আতিকুৰ ৰহমানৰ হত্যাৰ সৈতে জড়িত মূল অভিযুক্ত গৰাকীক আটক কৰে।

আটকাধীন লোকজনক মৰিগাঁৱৰ ডুৰাবন্দিৰ বাসিন্দা মণিৰুদ জামান ওৰফে মণিৰুদ্দিন বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ আতিকুৰ ৰহমান নামৰ এগৰাকী ব্যৱসায়ী ২০১৭ চনৰ ৩০ ডিচেম্বৰত ব্যৱসায় সংক্ৰান্তত মইৰাবাৰীলৈ আহি সন্ধানহীন হৈ পৰিছিল। পিছত জানুৱাৰি ৩ তাৰিখে ডুৰাবন্দি গাঁৱৰ এক কবৰস্থানত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ইয়াৰ পিছতে মইৰাবাৰী আৰক্ষীৰ অনুসন্ধানত জনৈক মণিৰুদ্দিন নামৰ নামৰ এজন লোকে তেওঁৰ পত্নী আৰু ছাডিকুল ইছলাম নামৰ এজন সহযোগীৰ সৈতে মিলি আতিকুৰক হত্যা কৰি কবৰস্থানত পুতি থোৱাৰ কথাটো পোহৰলৈ আহে।

এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি মণিৰুদ্দিনৰ পত্নী আৰু ছাডিকুল ইছলামক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও হত্যাকাণ্ডটোৰ মূল অভিযুক্ত মণিৰুদ্দিনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল।

অৱশেষত, মইৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাৰ নেতৃত্বত যোৱা এক আৰক্ষীৰ দলে কালি নিশা অভিযান চলাই মণিৰুদ্দিনক আটক কৰে।