অ-জৈৱিক খাদ্য সামগ্ৰীৰ স্থান নাই ছিকিমত : ৰাজ্য চৰকাৰ

Joined-Image-570x320

২৭ বিধ অ-জৈৱিক কৃষি-উদ্যান খাদ্য শস্য অহা ৩১ মাৰ্চৰ পৰা ছিকিম চৰকাৰে নিষিদ্ধ কৰিবলৈ সাজু হৈছে। ৰাজ্যখনক ২০১৬ চনত এখন জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

চৰকাৰী জাননীত কোনো নিৰ্দিষ্ট তাৰিখ উল্লেখ কৰা হোৱা নাই। জাননীখনৰ জৰিয়তে কেৱল জৈৱিক খাদ্যহে গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিবলৈ কিছুমান সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আনিব বিচৰা হৈছে।

মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে যোৱা সপ্তাহত বিধানসভাত ঘোষণা কৰা অনুসৰি অহা ৩১ মাৰ্চৰ পৰা নিষিদ্ধকৰণ বলবৎ হ’ব।

২৭ বিধ নিষিদ্ধ হ’বলগীয়া সামগ্ৰীৰ তালিকাৰ ভিতৰত মাকৈ আৰু মটৰ মাহৰ দৰে পাচলি আৰু কল আৰু মধুৰী আমৰ দৰে ফল, আদা আৰু জলকীয়াৰ দৰে মচলা হিচাপে ব্যৱহৃত সামগ্ৰীও আছে।

‘’জাননীখনৰ প্ৰতি যদি কোনো অৱমাননা কৰা দেখা যায় তেতিয়াহ’লে সামগ্ৰীসমূহ (নিষিদ্ধ) জব্দ কৰা হ’ব আৰু সেইবোৰ নিষ্কাষণ কৰি পোলোৱা হ’ব,’’- গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ চি গুপ্তাই ১০ মাৰ্চত জাৰি কৰা জাননীখনত এইদৰে কোৱা হৈছে।

জাননীখনত উল্লেখ কৰা হৈছে যে অ-জৈৱিক খাদ্য সামগ্ৰী গ্ৰহণ কৰাৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ছিকিমৰ বাহিৰৰ পৰা অহা ২৭ বিধ সামগ্ৰীৰ ওপৰত নিষিদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।